মহাকালৰ মন্দিৰত উপস্থিত গৌতম গম্ভীৰ
এছিয়া কাপ ২০২৫ৰ পূৰ্বে মহাকালৰ মন্দিৰত আশীৰ্বাদ বিচাৰি উজ্জয়িনত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
খেলুৱৈ গৰাকীয়ে পৰিয়ালৰ সৈতে উজ্জয়িনৰ মহাকাল জ্যোতিৰ্লিং দৰ্শন কৰিবলৈ আহিছে।গম্ভীৰে পৰিয়ালসহ শ্ৰী মহাকালেশ্বৰ মন্দিৰত ভগৱানৰ আশীৰ্বাদ বিচৰাৰ লগতে ভস্ম আৰতিতো অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ তেওঁৰ প্ৰশিক্ষকতাত ভাৰতীয় টেষ্ট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত যথেষ্ট সফলতা অৰ্জন কৰিছে।ইংলেণ্ড ভ্ৰমণত ভাৰতৰ যুৱ টেষ্ট দলটোৱে ইংৰাজ দলটোৰ সৈতে ২-২ ত সমতা স্থাপন কৰে।
গৌতম গম্ভীৰৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে, য’ত শুকুৰবাৰে পুৱা উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰৰ মন্দিৰত অনুষ্ঠিত হোৱা ভস্ম আৰতিত বহি থকা দেখা গৈছে।
টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে ১৫ আগষ্টৰ পুৱা স্বাধীনতা দিৱস উপলক্ষে মহাকালৰ ভস্ম আৰতিত পূজা আৰু প্ৰাৰ্থনা কৰিছে।
ভস্ম আৰতিৰ সময়ত গম্ভীৰে বহি মহাকাল ভগৱানৰ ধ্যান কৰিছিল।খেলুৱৈ গৰাকীৰ লগতে তেওঁৰ পত্নী নতাছা জৈন আৰু দুয়োগৰাকী কন্যা মহাকালৰ ভস্ম আৰতিত উপস্থিত থাকে।
ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ এই সময়ছোৱাত কয়, ‘মই তৃতীয়বাৰৰ বাবে ইয়ালৈ আহিছো আৰু মোৰ পৰিয়ালো আজি আহিছে।ভগৱানৰ আশীৰ্বাদ সমগ্ৰ দেশৰ ওপৰত থাকক’।
লগতে পঢ়ক: ‘আমাৰ সৈনিক ঘৰলৈ নাহে আৰু…’; এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলক লৈ খং উঠিল হৰভজন সিঙৰ