বেদখলকাৰীক লৈ কঠোৰ গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী উচ্চ ন্যায়ালয়ে গোলাঘাট জিলাৰ দৈয়াং আৰু নামবৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা পৰিয়ালক ৭ দিনৰ ভিতৰত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ দিছে । সংৰক্ষিত বনাঞ্চলত যাতে ভৱিষ্যতে পুনৰ বেদখল নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । সোমবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ডপীঠে দিয়া নিৰ্দেশত পৰিয়ালসমূহক দেওবাৰৰ ভিতৰত সংৰক্ষিত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ দি কয় যে যদি এই লোকসকলে আঁতৰি নাযাই তেন্তে চৰকাৰে বেদখল আঁতৰাব পাৰে ।
উল্লেখ্য যে, জিলা প্ৰশাসনৰ জাননীৰ বিৰুদ্ধে ৭৪ জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । জিলা প্ৰশাসনে এই পৰিয়ালসমূহক জাননী দি ৭ দিনৰ ভিতৰত অবৈধ দখল আঁতৰাবলৈ নিৰ্দেশ দিছিল । জিলা প্ৰশাসনৰ এই জাননীয়ে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ, ১৮৮৬ আৰু অসম ভূমি নীতি, ২০১৯ৰ বিধান উলংঘা কৰা বুলি দাবী কৰে । ইয়াৰ লগতে ই ২০২৪ চনৰ ১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিৰোধী । ইয়াৰ ওপৰত ৫ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনকাৰীসকলক ভূমিৰ অধিকাৰৰ সৈতে জড়িত নথিপত্ৰ প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল আৰু যদি আবেদনকাৰীসকলে প্ৰমাণ দাখিলত ব্যৰ্থ হয় তেন্তে আদালতে আবেদনকাৰীসকলক বনাঞ্চলৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছিল ।
চৰকাৰে ১৫ দিন আগত জাননী দিব লাগে-
সোমবাৰে পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰি খণ্ডপীঠে কয় যে আদালতে ইতিমধ্যে আবেদনকাৰীসকলক বনাঞ্চলৰ মাটি খালী কৰিবলৈ পৰ্যাপ্ত সময় দিছে । আদালতে চৰকাৰক নিৰ্দেশ দিয়ে যে যদি ভৱিষ্যতে কোনো স্থান খালী কৰে, তেন্তে ১৫ দিনৰ জাননী দিব লাগে আৰু জাননীৰ পিছত আৰু ১৫ দিনৰ সময় দি ঠাই খালী কৰিব লাগে, যাতে মানুহে পৰ্যাপ্ত সময় পায় । বনাঞ্চলৰ মাটি যাতে কোনো ধৰণৰ অবৈধ দখল নহয় তাৰ বাবে এনে ব্যৱস্থা গঢ়ি তুলিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে আদালতে ।
ইফালে বেদখল বন্ধ কৰিব পৰাকৈ বনাঞ্চলৰ ভূমি পৰীক্ষা কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে বুলি আদালতে কয় । বনাঞ্চলত ফেন্সিং আৰু বৰ্ড স্থাপন কৰিব লাগে বুলি কয় ন্যায়ালয়ে । বিভাগীয় বিচাৰপীঠে কয় যে বিষয়া-কৰ্মচাৰীয়ে সততাৰে কাম কৰিলেহে বেদখল হ’ব পাৰে । যদি সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ বেদখল পোৱা যায়, তেন্তে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে । উচ্চ ন্যায়ালয়ে কয় যে অবৈধ বেদখল বন্ধ কৰিব পৰাকৈ বনাঞ্চল অহৰহ নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে ।
লগতে পঢ়ক : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৌহাদ্যপূৰ্ণ বৈঠক, বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা