‘আপোনালোকৰ মাজতেই জুবিন থাকিব’
শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে এতিয়া সৰুসজাইত ৰখা হৈছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আজি আৰু কাইলৈ অসমবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব জুবিন গাৰ্গক।
আৰু সৰুসজাইত মৰমৰ গোল্ডিৰ কাষত ৰৈ অসমবাসীক ধন্যবাদ জনালে গৰিমা শইকীয়া গাৰ্গে।জুবিন থকা হেতেন আজি সকলোকে কৃতজ্ঞতা জনালে হেতেন।
কিন্তু শব্দেৰে জুবিন গাৰ্গে এই কথা আজি প্ৰকাশ কৰিব নোৱাৰে। তেঁওৰ হৈ ময়ে আপোনালোকক কৃতজ্ঞাতা জনাইছো। তেঁও থকা সময়ত তেঁওৰ প্ৰাপ্যত কৈ আপোনালোকে বহুত দিলে।
এশবছৰত এজন মানুহে যিমান কাম কৰিব নোৱাৰে ৩০ বছৰত জুবিন গাৰ্গে সেয়া কৰিলে।এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলো সৃষ্টি থাকি যাব।আপোনালোকে তেঁওক জীয়াই ৰাখিব সেইখিনি বিশ্বাস মোৰ আছে।
জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে।সদায় শান্তিৰে, সুস্থিৰে শৃংখলা বজাই থাকটো বিচাৰে।তেঁও সংস্কৃতিৰ বাট মোকলাই থাকিব বিচাৰে।
তেওঁক আজি জাতি, ভাষাবৰ্ণ নিৰিবিশেষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে।অসমত এই দৃশ্য আৰু কেতিয়াও দেখা নাপাঁও।কায়িক ভাৱে জুবিন আমাৰ মাজত নাই।জুবিনৰ আত্মা সদায় আমাৰ লগত আছে আৰু থাকিব।
অসমীয়াক ভাল পায় জুবিনে। তেঁও আমাৰ মাজতে থাকিব।নতুন প্ৰজন্মই জুবিনক জীয়াই ৰাখিব।নতুন প্ৰজন্মৰ মাজত জুবিন থাকিবলৈ ভাল পায়।কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গৰ এই মন্তব্যৰ পিছতে সকলোৱে চিঞৰি উঠিল জয় জুবিন দা।
লগতে পঢ়ক: শেষবাৰলৈ নিজৰ ঘৰখনত জুবিন গাৰ্গ; স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা