‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে  গৰিমা শইকীয়া গাৰ্গে

‘আপোনালোকৰ মাজতেই জুবিন থাকিব’

শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে এতিয়া সৰুসজাইত ৰখা হৈছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আজি আৰু কাইলৈ অসমবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব জুবিন গাৰ্গক।

আৰু সৰুসজাইত মৰমৰ গোল্ডিৰ কাষত ৰৈ অসমবাসীক ধন্যবাদ জনালে গৰিমা শইকীয়া গাৰ্গে।জুবিন থকা হেতেন আজি সকলোকে কৃতজ্ঞতা জনালে হেতেন।

কিন্তু শব্দেৰে জুবিন গাৰ্গে এই কথা আজি প্ৰকাশ কৰিব নোৱাৰে। তেঁওৰ হৈ ময়ে আপোনালোকক কৃতজ্ঞাতা জনাইছো। তেঁও থকা সময়ত তেঁওৰ প্ৰাপ্যত কৈ আপোনালোকে বহুত দিলে।

এশবছৰত এজন মানুহে যিমান কাম কৰিব নোৱাৰে ৩০ বছৰত জুবিন গাৰ্গে সেয়া কৰিলে।এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলো সৃষ্টি থাকি যাব।আপোনালোকে তেঁওক জীয়াই ৰাখিব সেইখিনি বিশ্বাস মোৰ আছে।

জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে।সদায় শান্তিৰে, সুস্থিৰে শৃংখলা বজাই থাকটো বিচাৰে।তেঁও সংস্কৃতিৰ বাট মোকলাই থাকিব বিচাৰে।

তেওঁক আজি জাতি, ভাষাবৰ্ণ নিৰিবিশেষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে।অসমত এই দৃশ্য আৰু কেতিয়াও দেখা নাপাঁও।কায়িক ভাৱে জুবিন আমাৰ মাজত নাই।জুবিনৰ আত্মা সদায় আমাৰ লগত আছে আৰু থাকিব।

অসমীয়াক ভাল পায় জুবিনে। তেঁও আমাৰ মাজতে থাকিব।নতুন প্ৰজন্মই জুবিনক জীয়াই ৰাখিব।নতুন প্ৰজন্মৰ মাজত জুবিন থাকিবলৈ ভাল পায়।কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গৰ এই মন্তব্যৰ পিছতে  সকলোৱে চিঞৰি উঠিল জয় জুবিন দা।

লগতে পঢ়ক: শেষবাৰলৈ নিজৰ ঘৰখনত জুবিন গাৰ্গ; স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা

জুবিন অনুৰাগীক কান্দি কান্দি বিশেষ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে…

জুবিন অনুৰাগীক কান্দি কান্দি বিশেষ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে

জুবিন গাৰ্গ বিহীন প্ৰথমটো দিন পাৰ কৰিলে অসমবাসীয়ে । হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই বাকৰুদ্ধ সকলো । চকুলোৰে বাট নেদেখা অসমীয়াই শ্ৰদ্ধাঞ্জলি জনাইছে আপোন শিল্পীগৰাকীক ।

কাহিলীপাৰাস্থিত শিল্পীগৰাকীৰ বাসগৃহত এতিয়া ভিৰ কৰিছে অগণন গুণমুগ্ধ তথা অনুৰাগীয়ে । শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চাবলৈ, শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিছে অসংখ্য অনুৰাগীয়ে । ইয়াৰ মাজতে সামাজিক মাধ্যমযোগে অনুৰাগীক উদ্দেশ্যি বিশেষ আহ্বান জনালে শিল্পীগৰাকীৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে ।

গৰিমা শইকীয়া গাৰ্গে কৈছে-“সকলোকে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ । আপোনালোকক অনুৰোধ জনাইছোঁ । জুবিন আহিব এতিয়া । জুবিন জীয়াই থকা কালত আপোনালোকে বহুত মৰম আৰু আশীৰ্বাদ দিলে । আপোনালোককো তেওঁ সমানেই ভাল পাই । তেওঁ আহিব এতিয়া, গতিকে শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক । জুবিনৰ যি শেষ যাত্ৰা সেয়া কোনো বিঘিনি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে হওক । কোনোবাই যদি ভাবিছে কিবা খেলিমেলি হৈছে বা সংঘাত সৃষ্টি হৈছে সেয়া নহওক । সকলো শান্তিপূৰ্ণভাৱে হওক, আৰক্ষী, প্ৰসাশন সকলোৱে বহুতো সহায় কৰিছে । সকলোৱে আমি জুবিনক শেষবাৰৰ বাবে চাম ।“

আনহাতে ‘নিজৰ ভাইৰ নিছিনা’ বুলি কৈ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা উল্লেখ কৰি তেওঁ কয়-“সিদ্ধাৰ্থ আমাৰ ভাইৰ নিছিনা । ২০২০ৰ কোভিডৰ সময়ছোৱাত ৰোগাক্ৰান্ত জুবিন গাৰ্গক নিজৰ জীৱনকো বিপন্ন কৰি মুম্বাওইৰ পৰা সুস্থ কৰি ঘূৰাই আনিছিল । তাৰ বিষয়ে কিবা কলেও জুবিনে সিদ্ধাৰ্থৰ গাত টোপ এটাও পৰিবলৈ নিদিয়ে । এতিয়া জুবিনৰ শেষ যাত্ৰাত সিদ্ধাৰ্থক লগত থাকিবলৈ দিয়ক । তাৰ বিপক্ষে যদি কিবা ভাবিছে তেন্তে সকলোৱে সেইবিলাক মনৰ পৰা ওলিয়াই দিয়ক । সকলো একেলগে থাকক, আমাৰ পৰিয়ালটো একেলগে থাকক । জুবিনৰ বহু আধৰুৱা কাম আছে, যদি সিদ্ধাৰ্থ কাষত নাথাকে তেন্তে একো কৰিব নোৱাৰিম । সিদ্ধাৰ্থৰ বিৰুদ্ধে যি এজাহাৰ দিছে সকলো উঠাই লওক, মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ ।“

উল্লেখ্য যে, অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনক বুলি অভিযোগ তুলি শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকাণু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছে একাংশ জুবিন অনুৰাগীয়ে । ইয়াৰ পিছতে এইদৰে হাতজোৰ কৰি সামাজিক মাধ্যমত আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…