সংসদৰ এনেক্স বিল্ডিঙত বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় স্থায়ী সংসদীয় কমিটীৰ বৈঠকত সাংসদসকলে ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ মধ্যস্থতাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষৰ মধ্যস্থতা নাছিল । এই সিদ্ধান্ত দ্বিপাক্ষিক পৰ্যায়ত লোৱা হৈছিল ।
সংসদীয় কমিটীৰ আগত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ সংঘাত সদায় গতানুগতিক ক্ষেত্ৰখনত আছে আৰু চুবুৰীয়া দেশখনৰ পৰা কোনো পাৰমাণৱিক ইংগিত পোৱা নাই । একাংশ সাংসদে প্ৰশ্ন কৰে যে পাকিস্তানে সংঘাতত চীনৰ মঞ্চ ব্যৱহাৰ কৰিছিল নেকি ? এই সন্দৰ্ভত মিশ্ৰীয়ে কয় যে ইয়াৰ কোনো গুৰুত্ব নাই কাৰণ ভাৰতে পাকিস্তানৰ বিমান ঘাটিত আক্ৰমণ কৰিছে । তেওঁ কমিটীক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰে । বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে সংসদীয় সমিতিৰ আগত কয় যে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিছে । এই অভিযানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হয় ।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই এই বিবৃতি প্ৰকাশ কৰিছে । যুদ্ধবিৰতি আনিবলৈ কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ ভাৰতে কেতিয়াও আমেৰিকাৰ কাষ চপা নাছিল । সংঘাতৰ সময়ত ভাৰত আৰু পাকিস্তানৰ সকলো যোগাযোগ আছিল ডি জি এম অ’ পৰ্যায়ত ।
বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ বৈঠকত সমিতিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জী, কংগ্ৰেছৰ ৰাজীৱ শুক্লা আৰু দীপেন্দৰ হুদা, এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেছি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ, সতনম সিং, নৱীন জিন্দল, অপাৰজিতা সাৰংগী, অৰুণ গোবিল আৰু আৰ পি এন সিং উপস্থিত থাকে । এই বৈঠক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পিছত দুয়োখন দেশৰ মাজত হোৱা সামৰিক সংঘাত সন্দৰ্ভত অনুষ্ঠিত হয় ।