মধ্যপ্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে মহৌ তহচিলৰ মনপুৰ থানাত গোচৰ ৰুজু হৈছে । কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যক লৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
বিজয় শ্বাহৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ তিনিটা গুৰুতৰ ধাৰাত- ধাৰা ১৫২, ১৯৬(১)(খ) আৰু ১৯৭(১)(গ)ত গোচৰ ৰুজু কৰা হৈছে । অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী বিজয় শ্বাহে সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়া কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত এক বিতৰ্কিত বিবৃতি দিছিল । এখন সভাত বিজয় শ্বাহে কৰ্ণেল ছফীয়া কুৰেশ্বীৰ নাম নোলোৱাকৈয়ে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিষয়ে কৈছিল যে ‘আমি তেওঁলোকৰ ভগ্নীক পঠিয়ালো আৰু তেওঁলোকক ধ্বংস কৰিলোঁ ।’
কঠোৰ উচ্চ ন্যায়ালয়-
এই বিতৰ্কিত বক্তব্যক লৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল । কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত দিয়া বক্তব্যৰ প্ৰতি আদালত সচেতন হৈ বিজয় শ্বাহৰ বিৰুদ্ধে ৪ ঘণ্টাৰ ভিতৰত এফ আই আৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে ।
ন্যায়াধীশ অতুল শ্ৰীধৰৰ নেতৃত্বত গঠিত সংমণ্ডল বিচাৰপীঠে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ সময়তে স্পষ্ট কৰি দিয়ে যে বিজয় শ্বাহৰ বিৰুদ্ধে শীঘ্ৰে এফ আই আৰ ৰুজু কৰিব লাগে । আদালতে এই বিষয়ত ৰাজ্যৰ মহাধিবক্তা প্ৰশান্ত সিঙকো কঠোৰ নিৰ্দেশনা জাৰি কৰি যিকোনো পৰিস্থিতিত এফ আই আৰ পঞ্জীয়ন কৰিব লাগিব বুলি উল্লেখ কৰিছে ।
মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ কাৰ্যালয়ে এই বিষয়ে পোষ্ট কৰি এক্সত লিখিছে, “মাননীয় মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী শ্ৰী বিজয় শ্বাহৰ বক্তব্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।”