তিৰুৱনন্তপুৰমত জৰুৰীকালীন অৱতৰণ F-35ৰ
কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে এখন ব্ৰিটিছ এফ-৩৫ যুদ্ধ বিমানে । জানিব পৰা মতে বিমানখনে ইন্ধনৰ অভাৱৰ কাৰণে নিশা প্ৰায় ৯:৩০ বজাত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰিছিল ।
জানিব পৰা মতে, বিমানবন্দৰ কৰ্তৃপক্ষই এফ ৩৫ বিমানখনৰ নিৰাপদ অৱতৰণ নিশ্চিত কৰাৰ বাবে সমগ্ৰ বিমানবন্দৰটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । সম্প্ৰতি বিমানখন বিমানবন্দৰত ৰখাই থোৱা আছে । তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন লাভ কৰাৰ পিছতহে ইন্ধন ভৰোৱা হ’ব ।
বিশ্বৰ আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান এফ-৩৫
এই অত্যাধুনিক পঞ্চম প্ৰজন্মৰ ষ্টীলথ্ যুঁজাৰু বিমানখন বৰ্তমান ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত হৈ আছে । ইয়াক বিশ্বৰ আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান বুলি গণ্য কৰা হয় । শেহতীয়াকৈ ই ভাৰতীয় নৌসেনাৰ সৈতে যৌথ সামৰিক অনুশীলনতো অংশ লৈছিল । এই ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানখন বৰ্তমান অভিযানত নিয়োজিত ব্ৰিটিছ যুদ্ধজাহাজ এইচ এম এছ প্ৰিন্স অৱ ৱেলছৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ অংশ ।
প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে এনে জৰুৰীকালীন অৱতৰণ বিৰল যদিও সম্পূৰ্ণ অস্বাভাৱিক নহয় । এফ-৩৫বি ভেৰিয়েণ্টটো বিশেষভাৱে চুটি টেক-অফ আৰু উলম্ব অৱতৰণৰ বাবে ডিজাইন কৰা হৈছে, যাৰ ফলত ইয়াক কেটাপল্ট ব্যৱস্থা অবিহনে বিমানবাহী জাহাজত অপাৰেট কৰিব পৰা যায় ।
লগতে পঢ়ক : পুৱাই পুৱাই বৃহৎ অঘটন; কেদাৰনাথ ধামত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যুৰ আশংকা !