F35B যুদ্ধ বিমানখন বিট্ৰেইনলৈ উভতাই নিব
যোৱা ১৪ জুনত কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিছিল ব্ৰিটিছ ৰয়েল নেভিৰ F35B যুদ্ধ বিমানখনে।
তেতিয়াৰ পৰা এই যুঁজাৰু বিমানখন ইয়াতে আছে আৰু ১৯ দিনৰ পাছতো বিমানখনত কি বিসংগতি আছে সেইটো সমাধান কৰিব পৰা নাই।
এতিয়া সূত্ৰৰ পৰা জানিব পৰা গৈছে যে যুদ্ধ বিমানখন টুকুৰা টুকুৰ কৰি চি-১৭ গ্ল’বমাষ্টাৰ সামৰিক মালবাহী বিমানৰ জৰিয়তে পুনৰ ব্ৰিটেইনলৈ লৈ যোৱা হ’ব।
ধৰিব পৰা নগ’ল বিসংগতি
কেৰালাত বিমানখন ঠিক কৰাৰ কেইবাবাৰো চেষ্টা চলোৱাৰ পিছতো, পঞ্চম প্ৰজন্মৰ এই যুঁজাৰু বিমানখন অভিযান্ত্ৰিক দোষৰ বাবে এতিয়াও বিমানবন্দৰতে আছে।
বিমানখনক পুনৰ উৰণৰ বাবে সাজু কৰাৰ সকলো প্ৰচেষ্টা এতিয়ালৈকে বিফল হোৱা বুলি প্ৰমাণিত হৈছে।এনে পৰিস্থিতিত বিমানখন টুকুৰা টুকুৰকৈ লৈ যোৱাৰ বাহিৰে আন কোনো উপায় বাকী থকা নাই।
জানিব পৰা মতে ব্ৰিটেইনৰ পৰা এতিয়া লৈকে কোনো অভিযান্ত্ৰিক দল ভৰতত উপস্থিত হোৱা নাই। যুদ্ধ বিমানখন মেৰামতিৰ বাবে ৩০ জনীয়া অভিযন্তাৰ এটা দলে তিৰুৱনন্তপুৰমত উপস্থিত হোৱাৰ সম্ভাৱনা আছিল, কিন্তু তেওঁলোক এতিয়ালৈকে আহি পোৱা নাই।
লকহিড মাৰ্টিনৰ দ্বাৰা নিৰ্মিত পঞ্চম প্ৰজন্মৰ বিমান F35B ৰ এটা চুটি টেক-অফ আৰু উলম্ব অৱতৰণ (STOVL) সংস্কৰণ, ইচ এম এছ প্ৰিন্স অৱ ৱেলছ, যিখন বৰ্তমান বৰ্তমান ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত ৰয়েল নেভিৰ আগশাৰীৰ বিমানবাহী জাহাজ, যি উভতি অহাৰ সময়ত কাৰিকৰী দোষৰ বাবে বিমানখন কেৰালা বিমানবন্দৰত অৱতৰণ কৰা হয়।
যোৱা সপ্তাহত ব্ৰিটিছ উচ্চ আয়োগে জাৰি কৰা এক বিবৃতি অনুসৰি,’ যোৱা ১৫ জুনত পাইলটে তিৰুৱনন্তপুৰমত নিৰাপদে বিমানখন অৱতৰণ কৰে।
কিন্তু অৱতৰণৰ পিছত বিমানখনত কিছু সমস্যাৰ সৃষ্টি হয়, যাক বিষয়াসকলে ‘ইঞ্জিনিয়াৰিং সমস্যা’ বুলি অভিহিত কৰে।উচ্চ আয়োগে কয়, ‘ব্ৰিটেইনৰ এখন F35B বিমানখন বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে এইচ এম এছ প্ৰিন্স অৱ ৱেলছলৈ ঘূৰি আহিব নোৱাৰিলে।
নিৰাপত্তাক অগ্ৰাধিকাৰ দি বিমানখন ভাৰতৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ ডাইভাৰ্ট কৰি নিৰাপদে অৱতৰণ কৰে।পিছত বিমানখনে বিমানবন্দৰত অভিযান্ত্ৰিক সমস্যাৰ সৃষ্টি কৰে যাৰ ফলত বিমানখনক বাহক জাহাজলৈ ঘূৰাই আনিব পৰা নাই।
ব্ৰিটিছ বিষয়াসকলে এতিয়া বিমানখন ঘূৰাই অনাৰ বিকল্প পৰিকল্পনাৰ ওপৰত কাম কৰি আছে।সামৰিক পৰিবহণৰ দৃষ্টিকোণৰ পৰা বিমানখনক ঘূৰাই নিয়াৰ বাবে বিমানখন আংশিকভাৱে ভাঙি পেলোৱাটোৱেই উত্তম বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।
লগতে পঢ়ক: ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ