৩ উইকেটত ২০৯ ৰান সংগ্ৰহ ইংলেণ্ডৰ
লীডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা অনুষ্ঠিত হৈছে । শনিবাৰে এই মেচৰ দ্বিতীয় দিনা টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছ ৪৭১ ৰানত অন্ত পৰে । ইয়াৰ প্ৰত্যুত্তৰত দ্বিতীয় দিনৰ শেষত ইংলেণ্ডে ৩টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰিছে । বুমৰাহে তিনিওটা সফলতা লাভ কৰিছে । বৰ্তমান ভাৰত ২৬২ ৰানত আগবাঢ়ি আছে । শতক অৰ্জন কৰাৰ পিছত খেলি আছে অলি পোপে । একে সময়তে প্ৰথম ইনিংছত ভাৰতৰ শুভমন গীল, যশস্বী জয়ছোৱাল আৰু পণ্টে শতক অৰ্জন কৰাৰ লগতে ইংলেণ্ডৰ ষ্ট’কছ আৰু টংগুৱে ৪-৪ উইকেট দখল কৰে ।
ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰে । এই ইনিংছৰ বিশেষ কথাটো হ’ল অধিনায়ক শুভমন গীল আৰু পণ্টৰ মাজত দুশৰো অধিক ৰানৰ অংশীদাৰিত্ব আছিল ।
ইংলেণ্ডৰ বেটিং-
ভাৰতৰ ৪৭১ ৰানৰ উত্তৰত বেন ষ্টোকছ আৰম্ভণি বিশেষ ভাল নাছিল । প্ৰথম অভাৰতে ৪ ৰানৰ স্ক’ৰত বুমৰাহে ক্ৰ’লীক আউট কৰে । ইয়াৰ পিছত ডাকেট আৰু পোপৰ মাজত এক ভাল অংশীদাৰিত্ব গঢ় লৈ উঠিছিল । দুয়োজনে ১২২ ৰান সংযোজন কৰে । কিন্তু দলটোৱে ১২৬ ৰানৰ স্ক’ৰত আন এটা আঘাত পায় যেতিয়া বুমৰাহে ডাকেটক আউট কৰে । ডাকেটে ৬২ ৰান কৰে । কিন্তু পোপ এটা মূৰত থিয় হৈ আছিল । ৰুটৰ সৈতে তেওঁৰ ভাল অংশীদাৰিত্ব আছিল । পোপে শতক অৰ্জন কৰে । কিন্তু দিনটোৰ খেল শেষ হোৱাৰ পূৰ্বেই বুমৰাহে ইংলেণ্ডক আৰু এটা আঘাত দি ৰুটক আউট কৰে । ৰুটে ২৮ ৰান সংগ্ৰহ কৰে । ভাৰত এতিয়াও ২৬২ ৰানত আগবাঢ়ি আছে ।
লগতে পঢ়ক : প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল; যশস্বী, গীল আৰু ঋষভৰ দৰ্শনীয় শতক