আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস
ভাৰতত প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰত অভিযন্তা দিৱস পালন কৰা হয় । এই দিনটোত মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্মদিন পালন কৰা হয় আৰু এইগৰাকী মহান ভাৰতীয়ৰ স্মৃতিতে পালন কৰা হয় এই অভিযন্তা দিৱস । তেওঁ ভাৰতৰ এনে এজন অভিযন্তা আছিল যিয়ে কম সম্পদেৰেই দেশৰ বাবে সেই সময়ত এছিয়াৰ আটাইতকৈ ডাঙৰ বান্ধ নিৰ্মাণ কৰিছিল । তেওঁৰ সামৰ্থ্য আৰু জ্ঞানেৰে ডাঙৰ ডাঙৰ ব্ৰিটিছ অভিযন্তাসকলক তেওঁৰ সামৰ্থ্য আৰু প্ৰতিভাক গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ।
১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত মহীশূৰত জন্মগ্ৰহণ কৰিছিল এম বিশ্বেশ্বৰায়ে । বিশ্বেশ্বৰয়াৰ শৈশৱ দৰিদ্ৰতাৰ বাবে কষ্টত পাৰ হৈছিল যদিও তেওঁ পঢ়া-শুনা আৰু প্ৰতিভাক গুৰুত্ব দিছিল, কাৰণ তেওঁ নিজৰ পৰিয়ালৰ জীৱনশৈলী উন্নত কৰিব বিচাৰিছিল । নিজৰ গাঁৱৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰি বাংগালুৰুৰ ‘কেন্দ্ৰীয় মহাবিদ্যালয়’ত নামভৰ্তি কৰাৰ ইচ্ছা কৰিছিল যদিও আৰ্থিক অৱস্থা ভাল নাছিল, সেয়েহে ল’ৰা-ছোৱালীক টিউচন পঢ়ুৱাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত মাচুল জমা দিয়ে । টিউচনৰ লগতে মহাবিদ্যালত অধ্যয়নো কৰি থাকে তেওঁ ।
বিশ্বেশ্বৰইয়ে ১৮৮১ চনত বি এ ডিগ্ৰী লাভ কৰে । ইয়াৰ পিছত চৰকাৰে সহায় কৰে আৰু তেওঁ অভিযান্ত্ৰিক অধ্যয়নৰ বাবে পুনেলৈ আহে । ইয়াত তেওঁ ‘বিজ্ঞান মহাবিদ্যালয়’ত নামভৰ্তি কৰে । ১৮৮৩ চনৰ এল চি ই আৰু এফ চি ই (বৰ্তমানৰ বি ই ডিগ্ৰী) পৰীক্ষাত তেওঁ প্ৰথম স্থান লাভ কৰে । ইয়াৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক নাচিকত সহকাৰী অভিযন্তা হিচাপে নিযুক্তি দিয়ে ।
ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ অভিযান্ত্ৰিকতাৰ প্ৰকৃত যাত্ৰা । বিশ্বেশ্বৰায় যেতিয়া সহকাৰী অভিযন্তা আছিল তেতিয়া দেশখন ব্ৰিটিছ শাসনৰ অধীনত আছিল । এনে পৰিস্থিতিত উচ্চ পদত নিযুক্তি পোৱা বিশ্বেশ্বৰায়াই নিজৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰে ডাঙৰ ডাঙৰ ব্ৰিটিছ অভিযন্তাসকলক তেওঁৰ সামৰ্থ্য আৰু প্ৰতিভাক গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল ।
চিমেণ্ট নোহোৱাকৈ নিৰ্মাণ কৰিলে বান্ধ-
এই পদত থকা সময়ছোৱাত তেওঁ প্ৰতিটো ঘৰলৈ পানীৰ উৎসৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰিছিল আৰু লেতেৰা পানীৰ নিষ্কাশনৰ বাবে নলাবোৰ উন্নত কৰিছিল । ১৯৩২ চনত তেওঁ ‘কৃষ্ণ ৰাজাসাগৰ’ বান্ধ নিৰ্মাণ প্ৰকল্পৰ মুখ্য অভিযন্তা আছিল । এই সময়ছোৱাত চিমেণ্ট নাছিল, তথাপিও তেওঁ অভিযন্তাসকলৰ সৈতে চিমেণ্টতকৈও মজবুত ‘মৰ্টাৰ’ প্ৰস্তুত কৰিছিল । এই বান্ধ আজিও কৰ্ণাটকত আছে । ১৯৫৫ চনত ভাৰতৰত্ন বঁটা লাভ কৰে তেওঁ । ১৯৬২ চনৰ ১২ এপ্ৰিলত ১০১ বছৰ বয়সত তেওঁৰ মৃত্যু হয় এইগৰাকী মহান অভিযন্তাৰ ।
অভিযন্তা দিৱস পালনৰ উদ্দেশ্য-
সন্মান আৰু প্ৰশংসা- অভিযন্তাসকলৰ সমাজলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা ।
যুৱ প্ৰজন্মক প্ৰেৰণা- ড° বিশ্বেশ্বৰায়ৰ জীৱন আৰু কৰ্মৰে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰা, যাতে তেওঁলোকে অভিযান্ত্ৰিক ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত হয় ।
উদ্ভাৱনক প্ৰসাৰ কৰা- অভিযান্ত্ৰিক ক্ষেত্ৰত উদ্ভাৱন আৰু সৃষ্টিশীলতাক উৎসাহিত কৰা, যিটো ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
সজাগতা- অভিযান্ত্ৰিকতাৰ গুৰুত্ব আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে সাধাৰণ জনতাক জ্ঞান দিয়া ।
লগতে পঢ়ক : ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী; জানক কোন আছিল এই মহীৰূহ