জম্মু-কাশ্মীৰৰ ত্ৰালত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰাত সফল হৈছে । ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে । অব্যাহত আছে অনুসন্ধান অভিযান ।
সীমান্তত গুলীচালনা বন্ধ হোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত মঙলবাৰে পুৱা ৮ বজাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । এই সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ সেনাধ্যক্ষ শ্বাহিদ কুট্টে আৰু আদনান শ্বাফীকে ধৰি তিনিটা সন্ত্ৰাসবাদী নিহত হয় ।
তৃতীয়টো সন্ত্ৰাসবাদী মুৰাণ (পুলৱামা)ৰ বাসিন্দা আহছান-উল হক শ্বেখ বুলি চিনাক্ত কৰা হৈছে । নিহত সন্ত্ৰাসবাদী কেইটাৰ হাতৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত আছে AK 47 ৰাইফল, মেগজিন, গ্ৰেনেড আৰু অন্যান্য সামগ্ৰী ।