ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক ?
টেছলা আৰু স্পেচএক্সৰ CEO ইলন মাস্ক আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বন্ধুত্ব ভাঙি গৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু টেছলাৰ CEO ইলন মাস্কৰ মাজত থকা শত্ৰুতা মুকলিকৈ ওলাই পৰিছে।
দুয়োৰে মাজত বাকযুদ্ধ অব্যাহত আছে।বাকযুদ্ধ আৰু যৌন কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগৰ পিছত মাস্কে ট্ৰাম্পৰ ক্ষমতাৰ সিংহাসন জোকাৰি যোৱাৰ কথা ঘোষণা কৰিছে।
ইফালে আমেৰিকাত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তাক লৈ মাস্কে এটা ডাঙৰ বক্তব্য আগবঢ়াইছে।নতুন ৰাজনৈতিক দল গঠনৰ বাবে তেওঁ জনসাধাৰণৰ পৰা বিচৰা পৰামৰ্শক ৮০ শতাংশ ৰাইজে অনুমোদন জনাইছে।
আচলতে ইলন মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X, ত এটা সমীক্ষা চলাইছিল, য’ত তেওঁ প্ৰশ্ন কৰে যে আমেৰিকাত নতুন ৰাজনৈতিক দল গঠন কৰা উচিত নেকি?
মাস্কে এক্সত লিখিছে যে জনসাধাৰণে নিজৰ ৰায় দিছে, আমেৰিকাক এটা নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন, যিয়ে মধ্যম ৮০%ক প্ৰতিনিধিত্ব কৰে আৰু হুবহু ৮০% জনসাধাৰণে ইয়াক সমৰ্থন কৰিছে।এয়াই নিয়তি। ইয়াৰ পিছত তেওঁ আন এটা পোষ্টত মাত্ৰ ‘দ্য আমেৰিকা পাৰ্টি’ বুলি লিখিছিল।
ছ’চিয়েল মিডিয়াত মাস্ক আৰু ট্ৰাম্পৰ মাজত বাক যুদ্ধ তীব্ৰতৰ হৈ পৰা সময়ত এই কথা ঘটিছিল।দৰাচলতে ট্ৰাম্পক লক্ষ্য কৰি মাস্কে লিখিছিল যে মোৰ অবিহনে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন।
আনহাতে, ট্ৰাম্পে মাস্কক ফেডাৰেল চৰকাৰ আৰু টেছলাৰ মাজত হোৱা চুক্তি বাতিল কৰাৰ ভাবুকি দিছে।তেওঁ স্পেচএক্সক মহাকাশ কাৰ্যসূচীৰ পৰা বাদ দিয়াৰ ইংগিতও দিছে।
ট্ৰাম্পে মাস্কক বিশ্বাসঘাতক বুলি কোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যাব বুলিও সকীয়াই দিছিল।তেওঁ কয় যে বাজেটত কোটি কোটি টকা ৰাহি কৰাৰ আটাইতকৈ সহজ উপায় হ’ল ইলন মাস্কক চৰকাৰী ৰাজসাহায্য আৰু চুক্তি বন্ধ কৰি দিয়া হওক।
মাস্কে পৰামৰ্শ দিয়া ‘দ্যা আমেৰিকা পাৰ্টি’টো বৰ্তমান এটা বিচাৰ হে মাত্ৰ, কিন্তু ইয়াক আমেৰিকাৰ ৰাজনীতিত এক নতুন যুগৰ আৰম্ভণিৰ চিন হিচাপে দেখা গৈছে, বিশেষকৈ যেতিয়া মাস্কৰ ছ’চিয়েল মিডিয়াৰ প্ৰসাৰ আৰু প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে।
উল্লেখ্য যে, যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত মাস্কে ৰিপাব্লিকান পাৰ্টিলৈ প্ৰায় ৩০০০ কোটি টকাৰ নিৰ্বাচনী অনুদান আগবঢ়াইছিল।
এসপ্তাহ পূৰ্বে মাস্কে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰি চৰকাৰী সংস্কাৰ বিভাগ DOGE এৰি থৈ যায়। মাস্কে আমেৰিকা চৰকাৰৰ বিশাল বাজেটক ইতিকিং কৰি সংস্কাৰ বিৰোধী, অমান্য আৰু ই আমেৰিকানসকলক ঋণত ডুবাব বুলি কয়।
মাস্কে দাবী কৰিছে যে বিধেয়কখনৰ সন্দৰ্ভত তেওঁৰ পৰামৰ্শ লোৱা হোৱা নাছিল।কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে যদি তেওঁ সহায় নকৰিলেহেঁতেন তেন্তে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন।
আনকি মাস্কে দাবী কৰিছিল যে আমেৰিকাৰ আটাইতকৈ ডাঙৰ যৌন কেলেংকাৰী দ্য এপষ্টেইন ফাইলছত ট্ৰাম্পৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
লগতে পঢ়ক: ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ