মুকলি হ’ল XChat
ইলন মাস্কৰ এক্স প্লেটফৰ্মত মুকলি কৰা হৈছে এক্সচেট (XChat) নামৰ নতুন মেছেজিং বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত আপুনি এণ্ড টু এণ্ড এনক্ৰিপচন, অটো ডিলিটেড মেছেজ আৰু যিকোনো ধৰণৰ ফাইল প্ৰেৰণ কৰাৰ বিকল্প লাভ কৰিব । এই বৈশিষ্ট্য বৰ্তমান বিটা সংস্কৰণত আছে ।
দেওবাৰে ইলন মাস্কে পোষ্ট কৰি এই বৈশিষ্ট্যৰ বিষয়ে অৱগত কৰে । পোষ্টটোত তেওঁ লিখিছে যে নতুন এক্সচেটটো ৰোল আউট কৰা হৈছে, য’ত এনক্ৰিপচন, বাৰ্তা অদৃশ্য হোৱা আৰু ফাইল প্ৰেৰণৰ বিকল্প দিয়া হৈছে ।
বিটকইন শৈলীৰ এনক্ৰিপচন ব্যৱহাৰ কৰা হৈছে-
মাস্কে দাবী কৰিছে যে এক্সচেটত বিটকইন শৈলী (Bitcoin Style)ৰ এনক্ৰিপচন ব্যৱহাৰ কৰা হৈছে আৰু ই সম্পূৰ্ণ নতুন আৰ্কিটেকচাৰৰ ওপৰত নিৰ্মিত । মাস্কে আন এটা পোষ্টত কৈছে যে এক্সচেটৰ সহায়ত ব্যৱহাৰকাৰীয়ে অডিঅ’ আৰু ভিডিঅ’ কলো কৰিব পাৰিব । ইয়াৰ বাবে মোবাইল নম্বৰ লিংক কৰাৰ প্ৰয়োজন নাই ।
বৰ্তমান XChat পৰীক্ষণৰ পৰ্যায়ত আছে-
TechCrunch ৰ প্ৰতিবেদন অনুসৰি, XChat বৰ্তমান পৰীক্ষণৰ পৰ্যায়ত আছে আৰু কিছু লোকৰ মাজত পৰীক্ষা কৰা হৈছে । অৱশ্যে কেতিয়া সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰদান কৰা নাই কোম্পানীটোৱে । এক্স প্লেটফৰ্মে ২০২৩ চনত এনক্ৰিপ্ট কৰা বাৰ্তা প্ৰেৰণ সেৱা আৰম্ভ কৰিছিল আৰু সেই সময়ছোৱাত সীমিত লোকৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছিল ।
হোৱাটছএপৰ সৈতে কৰিব প্ৰতিযোগিতা-
XChatত ইনষ্টেণ্ট মেছেজিং এপ হোৱাটছএপত উপলব্ধ সকলো বৈশিষ্ট্য আছে । অৱশ্যে হোৱাটছএপত মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগইন কৰিব লাগে । আনহাতে XChat ত মোবাইল নম্বৰ সংযোগ কৰাৰ প্ৰয়োজন নাথাকিব ।
এণ্ড টু এণ্ড এনক্ৰিপচন কি ?
এণ্ড-টু-এণ্ড এনক্ৰিপচন (End To End Encryption) হৈছে এটা সুৰক্ষা ব্যৱস্থা আৰু ইয়াৰ উদ্দেশ্য হৈছে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত সুৰক্ষিতভাৱে তথ্য প্ৰেৰণ কৰা । ইয়াৰ মাজতে কোনেও ইয়াক ডিকোড কৰিব নোৱাৰে ।
উদাহৰণস্বৰূপ, যেতিয়া আপুনি কাৰোবালৈ এটা বাৰ্তা প্ৰেৰণ কৰে, সেই বাৰ্তা আপোনাৰ ডিভাইচত ইনক্ৰিপ্ট হয় । ইয়াৰ পিছত ইণ্টাৰনেটৰ সহায়ত ইয়াক আৰু অধিক স্থানান্তৰ কৰা হয় । এনে পৰিস্থিতিত বাৰ্তাটো ৰিচিভাৰত পোৱাৰ লগে লগে ডিক্ৰিপ্ট হৈ যায় । এই বৈশিষ্ট্য WhatsApp, Signal, আৰু Telegram আদি মেছেজিং এপৰ ভিতৰত উপলব্ধ ।
লগতে পঢ়ক : সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp