নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ
আমেৰিকাৰ ২৪৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বহু চৰ্চিত ৱান বিগ বিউটিফুল আইন কাৰ্যকৰী কৰিছে।
ইফালে তেওঁৰ প্ৰাক্তন সহকৰ্মী তথা উদ্যোগপতি ইলন মাস্কে ‘ দ্যা আমেৰিকা পাৰ্টি’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে।
ইলন মাস্কে কয় যে এই দলে আমেৰিকাৰ জনসাধাৰণক একদলীয় ব্যৱস্থাৰ পৰা মুক্ত কৰিব।মাস্কৰ এই ঘোষণাৰ পিছত আমেৰিকাৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছে।
এক্সত নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে মাস্কে।পূৰ্বৰ পোষ্টটোত তেওঁ শেহতীয়াকৈ কৰা এক সমীক্ষাৰ ফলাফলৰ উদ্ধৃতি দি লিখিছিল, ‘আজি আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।’

তেওঁ দাবী কৰে যে সমীক্ষাত জনসাধাৰণে ২:১ অনুপাতত নতুন ৰাজনৈতিক বিকল্পৰ ইচ্ছা প্ৰকাশ কৰিছে।আপোনালোকে এটা নতুন ৰাজনৈতিক দল বিচাৰে আৰু এতিয়া এই ৰাজনৈতিক দলটো আপোনাৰ সন্মুখত।
কিয় দল গঠন কৰিলে?
এই ঘোষণাত মাস্কে বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাক সমালোচনা কৰি কয় যে, ‘যেতিয়া আমাৰ দেশক অপচয় আৰু দুৰ্নীতিয়ে দেউলীয়া কৰাৰ কথা আহে, আমি একদলীয় ব্যৱস্থাত বাস কৰি আছো, গণতন্ত্ৰত নহয়।’
লগতে তেওঁ কয় যে আপোনালোকৰ হেৰুৱা স্বাধীনতাক ঘূৰাই আনিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।
৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মাস্কে নিজৰ প্লেটফৰ্ম এক্সত এক সমীক্ষা পোষ্ট কৰিছিল, য’ত তেওঁৰ অনুগামীসকলক সুধিছিল- ‘দুটা দলীয় (কিছুমানে একদলীয় বুলি কয়) ব্যৱস্থাৰ পৰা স্বাধীনতা বিচাৰে নেকি বুলি সুধিবলৈ স্বাধীনতা দিৱসৰ সৰ্বোত্তম সময়!আমি আমেৰিকা পাৰ্টি গঠন কৰিব লাগেনে?’
লগতে পঢ়ক: ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা