ইলন মাস্ক আৰু সকলোৱে আগবাঢ়ি যাওক
বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বক্তব্য প্ৰদান কৰে।তেওঁ মাস্কৰ সৈতে হোৱা সকলো বিবাদ অস্বীকাৰ কৰি সেই বাতৰিসমূহ খণ্ডন কৰিছে, য’ত কোৱা হৈছিল যে তেওঁ ইলন মাস্কৰ কোম্পানীবোৰ ধ্বংস কৰিব বিচাৰে।
তেওঁ কয় যে তেওঁ বিচাৰে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) গৰাকী “পূৰ্বৰ দৰেই সমৃদ্ধিশালী হওক”। এটা পোষ্টত ট্ৰাম্পে কয় যে তেওঁ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানেই উন্নতি বিচাৰে কাৰণ ইয়াৰ ফলত অৱশেষত দেশখনক উপকৃত হ’ব।
ট্ৰাম্পে কৈছিল যে, “সকলোৱে কৈছে যে মই এলেনৰ কোম্পানীসমূহে আমেৰিকা চৰকাৰৰ পৰা পোৱা বৃহৎ ৰাজসাহায্যৰ কিছুমান, যদি সম্পূৰ্ণ নহয়, তেন্তে কাঢ়ি লৈ ধ্বংস কৰিম।তেনেকুৱা নহয়!”
তেওঁ আৰু কয় যে, “মই বিচাৰো যে এলেন আৰু আমাৰ দেশৰ সকলো ব্যৱসায়, আগৰ তুলনাত অধিক লাভৱান হওক!”
“তেওঁলোকে যিমানেই ভাল কৰিব সিমানেই আমেৰিকাই ভাল কাম কৰিব আৰু এইটো আমাৰ সকলোৰে বাবে ভাল।আমি প্ৰতিদিনে ৰেকৰ্ড বনাই আছো, আৰু মই তেনেকৈয়ে ৰাখিব বিচাৰো!”
স্পেচএক্সৰ প্ৰতিষ্ঠাপকে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ‘ৱান বিগ বিউটিফুল বিল’ক সমালোচনা কৰাৰ পিছত ট্ৰাম্প আৰু মাস্কৰ মাজত মতানৈক্য আৰম্ভ হৈছিল।
ইয়াত স্বাস্থ্যসেৱা আৰু খাদ্য কাৰ্যসূচী কৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছিল।এই বিধেয়কখনক সমালোচনা কৰি মাস্কে কৈছিল যে ইয়াৰ দ্বাৰা আমেৰিকাত লাখ লাখ চাকৰি নাইকিয়া হ’ব আৰু ইয়াৰ ফলত উপকাৰতকৈ অধিক ক্ষতি হ’ব।
লগতে পঢ়ক: WWE ৰ কিংবদন্তি হাল্ক হোগানৰ মৃত্যু; ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ