শিক্ষা মন্ত্ৰালয়ৰ ডাঙৰ মন্তব্য
দেশজুৰি বিদ্যালয় শিক্ষকৰ সংখ্যাই এক কোটিৰ সংখ্যা অতিক্ৰম কৰিলে।শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি,২০২৪-২৫ বৰ্ষৰ অধিবেশনত প্ৰথমবাৰৰ বাবে এক কোটিৰ সীমা অতিক্ৰম কৰিলে বিদ্যালয়ৰ শিক্ষকৰ সংখ্যাই।
একে সময়তে বিদ্যালয় বাদ দিয়া শিশুৰ সংখ্যাও হ্ৰাস পাইছে।ইয়াৰ উপৰিও ২০২৪-২৫ চনৰ ভিতৰত মুঠ নামভৰ্তি অনুপাত (জিইআৰ)ও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
শিক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা ২০২৪-২৫ বৰ্ষৰ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেচন প্লাছ (UDISE+) প্ৰতিবেদন অনুসৰি, ভাৰতৰ মুঠ বিদ্যালয় শিক্ষকৰ সংখ্যাই প্ৰথমবাৰৰ বাবে কোনো শিক্ষাবৰ্ষত এক কোটি অতিক্ৰম কৰিছে।
প্ৰতিবেদন অনুসৰি, “২০২৪-২৫ত মুঠ শিক্ষকৰ সংখ্যা বৃদ্ধি হৈ ১,০১,২২,৪২০ হৈছে।আনহাতে ২০২৩-২৪ চনত এইটো ৯৮,০৭,৬০০ আৰু ২০২২-২৩ চনত ৯৪,৮৩,২৯৪ আছিল।”
মন্ত্ৰালয়ে কয় যে শিক্ষকৰ এই সংখ্যা বৃদ্ধিৰ লক্ষ্য হৈছে ছাত্ৰ-শিক্ষকৰ অনুপাত উন্নত কৰা,গুণগত শিক্ষা সুনিশ্চিত কৰাৰ লগতে শিক্ষকৰ উপলব্ধতাৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য দূৰ কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
লগতে পঢ়ক: বিতৰ্কৰ মাজত UGC ৰ নতুন পাঠ্যক্ৰম; বৃহৎ আন্দোলনৰ হুংকাৰ শিক্ষাৰ্থী