কাইলৈ ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ফলাফলক লৈ এটা ডাঙৰ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীলৈ আহ্বান জনাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত বিজয়োৎসৱ উদযাপন নকৰিবলৈ কৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘দেশৰ এই সময়ত বিজয় উৎসৱ উদযাপন কৰাটো সমীচিন নহয়।
পাকিস্তানৰ এই আক্ৰমণৰ সময়ত অসমত কোনো উৎসৱ নহ’ব। সেনাবাহিনীৰ জোৱানসকলে দেশৰ কাৰণে জীৱন ত্যাগ কৰিছে আৰু সেই সময়ত বিজয়োৎসৱ কৰাটো কোনো কাৰণতে ভালকথা নহয়।
এই সময়ত উদযাপন কৰাৰ পৰিৱৰ্তে আমি সকলো ভাৰতীয় সেনাৰ সৈতে থিয় হ’ব লাগে। পঞ্চায়ত নিৰ্বাচনৰ বিজয়ত কোনো ফটকা বা কোনো বিজয়-উল্লাস কৰিব নালাগে’।