ডনাল্ড ট্ৰাম্প
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছে। পুটিনৰ প্ৰতি ধৈৰ্য্য হেৰুৱাইছে বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে।
ইউক্ৰেইনৰ ৰাজধানী কিয়ভ আৰু অন্যান্য চহৰত একেৰাহে তৃতীয় দিনা ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণ কৰা বুলি ট্ৰাম্পে ৰাছিয়াক তীব্ৰ সমালোচনা কৰিছে।আনকি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন একেবাৰে উন্মাদ হৈ পৰিছে বুলিও কৈছে।
কি ক’লে ড’নাল্ড ট্ৰাম্পে
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়- “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মোৰ সদায় অতি ভাল সম্পৰ্ক আছিল যদিও তেওঁৰ সৈতে কিবা এটা হৈছে।
তেওঁ সম্পূৰ্ণ ৰূপে পাগল হৈ গৈছে। অপ্ৰয়োজনীয়ভাৱে বহু লোকক পুটিনে হত্যা কৰিছে ।ইউক্ৰেইনৰ চহৰসমূহত অকাৰণতে মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰা হৈছে।’
ইয়াৰ ফলত ধ্বংস হ’ব ৰাছিয়া: ট্ৰাম্প
মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুটিনক ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে। ট্ৰাম্পে স্পষ্টকৈ কৈছে যে “যদি পুটিনে সমগ্ৰ ইউক্ৰেইন দখল ল’ব বিচাৰে তেন্তে ইয়াৰ ফলত ধ্বংস হ’ব ৰাছিয়া।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিকো সমালোচনা কৰিছে ট্ৰাম্পে।ট্ৰাম্পে কৈছে- “আপুনি যি ধৰণে কথা কৈছে, আপুনি আমাৰ দেশৰ কোনো উপকাৰ কৰা নাই।তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই সমস্যাৰ সৃষ্টি কৰে, মোৰ ভাল নালাগে, আৰু বন্ধ হৈ যোৱাটোৱেই ভাল।”
পুটিনৰ কামত মই সুখী নহয়: ট্ৰাম্প
ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ পুটিনৰ কামত সুখী নহয়।ট্ৰাম্পে কয় যে, “মই তেওঁক বহুদিনৰ পৰা চিনি পাওঁ, তেওঁৰ লগত সদায় আছো, কিন্তু তেওঁ চহৰত ৰকেট নিক্ষেপ কৰি মানুহক হত্যা কৰিছে। মই সেইটো একেবাৰেই ভাল নাপাওঁ।”
লগতে পঢ়ক: ‘বাংলাদেশৰ যুৱতীক বিয়া কৰাৰ আগতে সাৱধান হওক’; চীনৰ নাগৰিকৰ বাবে নিৰ্দেশনা জাৰি