ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিক লৈ লুটিবাগৰ মৰা দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এইবাৰ আন এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ডনাল্ড ট্ৰাম্পে প্ৰথমবাৰলৈ স্বীকাৰ কৰিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰা নাই।ট্ৰাম্পে কয় যে তেওঁ ভাৰত-পাকিস্তানৰ সমস্যা সমাধানত সহায় হে কৰিছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি কৰাইছিল বুলি দাবী কৰিছিল, কিন্তু এতিয়া তেওঁ নিজেই কৈছে যে মই যুদ্ধবিৰতিত মধ্যস্থতা কৰা নাছিল কেৱল প্ৰয়োজনীয় সহায় হে আগবঢ়াইছিলো।
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কৃতিত্ব ল’বলৈ ট্ৰাম্পে কেইবাবাৰো চেষ্টা কৰিছিল।আনহাতে ভাৰতে স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ ডি জি এম অ’ই নিজেই ফোন কৰি যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাইছিল।
কাটাৰৰ ডোহাত এক অনুষ্ঠানৰ সময়ত ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি অতি উত্তেজিত হৈ পৰিছে।ড্ৰ’ন আৰু মিছাইলৰ ভাষাৰে কথা হ’বলৈ গৈ আছিল, সেইবাবেই দুয়োখন দেশৰ লগত কথা পাতি পৰিস্থিতি শান্ত কৰিলোঁ।
অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইটোও কয় যে মই আশা কৰিছো যে মই ইয়াৰ পৰা যোৱাৰ পিছত দুয়োখন দেশ শান্তিপূৰ্ণ বুলি শুনিবলৈ পাম।