ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হেলিকপ্টাৰখনে জৰুৰীকালীন অৱতৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে লণ্ডনৰ ওচৰৰ লুটন বিমানবন্দৰৰ ওচৰত।এই সময়ত ফাৰ্ষ্ট লেডী মেলানিয়াও তেওঁৰ লগত আছিল।
ৰাষ্ট্ৰপতি গৰাকীয়ে চেকাৰছৰ পৰা লণ্ডনৰ ষ্টেনষ্টেড বিমানবন্দৰলৈ যাত্ৰা কৰাৰ কথা আছিল কিন্তু বাটত তেওঁৰ হেলিকপ্টাৰ মেৰিন ৱানে লুটন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল।
তেওঁৰ হেলিকপ্টাৰখনত হাইড্ৰলিক সমস্যা আছিল,যাৰ বাবে তেওঁক বিমানবন্দৰৰ পৰা আন এখন হেলিকপ্টাৰেৰে ষ্টেনষ্টেডলৈ পঠিওৱা হয়,য’ৰ পৰা তেওঁ আমেৰিকালৈ ৰাওনা হয়।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ব্ৰিটেইনলৈ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় ভ্ৰমণলৈ গৈছিল।ইয়াত তেওঁ কয় যে তেওঁ চেকাৰ্ছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক লগ পাইছিল,য’ত তেওঁ ইউক্ৰেইন, গাজা আৰু অবৈধ অনুপ্ৰৱেশৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰে।
দুয়োগৰাকী নেতাই নতুন প্ৰযুক্তি চুক্তিও স্বাক্ষৰ কৰে,য’ত আমেৰিকাৰ কোম্পানীসমূহে ব্ৰিটেইনত ১৫০ বিলিয়ন পাউণ্ড বিনিয়োগ কৰিব।
লগতে পঢ়ক: হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট; বন্ধ হ’ল গোচৰ