দাঁতৰ বিষত ভুগিছে নেকি?
বৰ্তমান সময়ত দাঁতৰ বিষ এটা সাধাৰণ সমস্যা। আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলীৰ বাবেই অধিকাংশ লোকেই এই সমস্যাত ভুগিবলগীয়া হৈছে ।
অৱশ্যে ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে যেনে পোকে খোৱা, বেক্টেৰিয়াৰ সংক্ৰমণ, কেলচিয়ামৰ অভাৱ, দাঁত পৰিষ্কাৰকৈ নৰখা ইত্যাদি।
বেক্টেৰিয়াই এচিড প্ৰস্তুত কৰে আৰু ইয়াৰ ফলত দাঁতৰ ক্ষয় হয় ৷ ষ্ট্ৰেপ্টোকক্কাছ মিউটেন নামৰ বেক্টেৰিয়াক দাঁতৰ এই সমস্যাৰ কাৰণ বুলি বিবেচনা কৰা হয় ৷
দাঁতৰ ক্ষয়ৰ প্ৰথম পৰ্যায়ত দাঁতৰ পৰা খনিজ পদাৰ্থ হ্ৰাস হ’বলৈ আৰম্ভ কৰে, যি বগা দাগ হিচাপে দেখা যায় ৷ দাঁতৰ এনামেলৰ ক্ষতি হ’লে এনে হয় ৷
এই সমস্যাটো বাঢ়ি যোৱাৰ পিছত, দাঁতত অসহনীয় বিষ হয় আৰু একো খাব নোৱাৰা হয় ৷ এনে পৰিস্থিতিত, ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যাবলগীয়াত পৰে ৷কিন্তু এই সমস্যাৰ সমাধান আপুনি ঘৰূৱা উপায়ৰেও কৰিব পাৰে ৷আজি এই বিষয়ে জানো আহক-
মধুৰীৰ পাত – মধুৰীৰ পাতে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে। ইয়াৰ বাবে সতেজ মধুৰীৰ পাত ধুই লৈ দাঁতেৰে ভালদৰে চোবাওক। দিনত দুই-তিনিবাৰ এনে কৰিলে আপুনি দাঁতৰ বিষৰ পৰা সকাহ লাভ কৰিব ।
নিমখ পানী– নিমখ পানী হৈছে এক প্ৰাকৃতিক এণ্টিচেপ্টিক, যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে ৷দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন ধুব ৷
নহৰু – যেতিয়া দাঁতৰ বিষ হয়, আপুনি দুটা নহৰুৰ বাকলি পেলাই দিয়ক আৰু ইয়াক দাঁতেৰে চোবাওক, বিশেষকৈ বিষ হৈ থকা দাঁতেৰে। এনে কৰিলে আপুনি বিষৰ পৰা মুক্তি পাব ।
লং তেল– লং তেল হৈছে এক প্ৰাকৃতিক এনালজেচিক, যিয়ে দাঁতৰ বিষ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷ ইয়াৰ বাবে আপুনি কপাহত অলপ লং তেল লগাই পোনপটীয়াকৈ প্ৰভাৱিত দাঁতত প্ৰয়োগ কৰিব ৷ দাঁতৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ দিনত কেইবাবাৰো এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব ৷
(এই লেখনিত দিয়া তথ্য সমূহ সাধাৰণ তথ্যৰ বাবেহে ।স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়ক: প্ৰতিদিনে এই কেইটা ফল খালে উজ্জ্বল হয় ছাল; নোহোৱা হয় দাগ