DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত
লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তিনিদিন পিছত কৰ্তৃপক্ষই এতিয়া মৃতদেহবোৰৰ DNA পৰীক্ষা কৰা হৈছে।
এই পৰীক্ষাত বৰ্তমানলৈকে ৪৭ টা মৃতদেহ চিনাক্ত কৰি ২৪টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে। এজন বিষয়াই এই তথ্য প্ৰদান কৰিছে।
১২ জুনত সংঘটিত হোৱা এই ভয়াবহ দুৰ্ঘটনাটোত বহু মৃতদেহ ইমানেই জ্বলি গৈছিল যে চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল, ইয়াৰ পিছত বিষয়াসকলে DNA টেষ্টিং কৰি আছে।
৪৭টা মৃতদেহৰ ডি এন এ মিলিছে
অতিৰিক্ত অসামৰিক অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয়, ‘এতিয়ালৈকে ডি এন এ মেচিঙৰ জৰিয়তে বিমান দুৰ্ঘটনাত পতিত হোৱা মুঠ ৪৭ জন লোকক চিনাক্ত কৰা হৈছে”।
“ইয়াৰে ২৪ জন নিহত লোকৰ মৃতদেহ নিজ নিজ পৰিয়ালক গতাই দিয়া হৈছে। এই মৃত লোকসকল ৰাজস্থান আৰু গুজৰাটৰ বিভিন্ন প্ৰান্তৰ আছিল।”
৪৪টা পৰিয়ালক অৱগত
চিকিৎসা অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয় যে, “আহমেদাবাদত সংঘটিত দুৰ্ঘটনাটোৰ পিছত যিমানবোৰ মৃতদেহ আহিছিল, ইয়াৰে ৪৭ জনৰ ডি এন এ মেচ কৰা হৈছে। ইতিমধ্যে ৪৪টা পৰিয়ালক অৱগত কৰা হৈছে”।
“প্ৰতিটো মৃতদেহৰ সৈতে এটা দল নিযুক্ত কৰা হৈছে, যিয়ে মৃতদেহটো ঘৰলৈ গতাই তৈ আহিব। এতিয়ালৈকে মুঠ কিমান লোকৰ মৃত্যু হৈছে, সেয়া ডি এন এৰ নমুনা সংগ্ৰহৰ পিছতহে জানিব পৰা যাব”।
” বৰ্তমান চিকিৎসালয়ত মাত্ৰ ১৩ জন লোকক ভৰ্তি কৰা হৈছে, বাকীসকলক ডিচচাৰ্জ দিয়া হৈছে।”
লগতে পঢ়ক: “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSS”; গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য