দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দিব্যা দেশমুখৰ
মহিলা বিশ্বকাপ (FIDE Women’s World Cup)ৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন ঝংয়ী টানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে দিব্যা দেশমুখে । এই সফলতা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ । ২০২৬ চনৰ কেণ্ডিডেটছ টুৰ্ণামেন্টৰ বাবেও যোগ্যতা অৰ্জন কৰিছে দিব্যাই ।
দিৱ্য দেশমুখে সৃষ্টি কৰিলে ইতিহাস-
১৯ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে ফাইনেলত চীনৰ ঝংয়ী টানক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰে । নাগপুৰৰ বাসিন্দা দিব্যাই মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে, তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ । তেওঁৰ প্ৰদৰ্শনে তেওঁক গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰাতো সহা কৰে, যিটো এই খেলবিধৰ সৰ্বোচ্চ খিতাপ লাভৰ পথত এক গুৰুত্বপূৰ্ণ কৃতিত্ব ।
বিশ্বকাপৰ ছেমি ফাইনেলত জয়লাভ কৰাৰ পিছত দিব্যাই কয় যে তেওঁ আৰু ভাল খেলিব পাৰিলেহেঁতেন । তেখেতে কয়, “মই ভাবো মই ভাল খেলিব পাৰিলোহেঁতেন । এটা সময়ত মই জয়ী হৈ আছিলো কিন্তু তাৰ পিছত পৰিস্থিতি কঠিন হৈ পৰিল । মই ভাবো যে মই মাজৰ খেলখনত ভুল কৰিলোঁ কাৰণ মই অধিক সহজে জয়ী হ’ব লাগিছিল ।”
দিব্য দেশমুখে ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাত চীনৰ জোনাৰ ঝু আৰু ডি হাৰিকাক পৰাস্ত কৰিছিল, ছেমি ফাইনেলতো তেওঁ নিজৰ আধিপত্য বজাই ৰাখিছিল, এতিয়া খিতাপৰ পৰা এখোজ দূৰত আছে তেওঁ । দ্বিতীয় ছেমি ফাইনেলত কনেৰু হাম্পিয়ে চীনৰ টিংজি লেইৰ সৈতে ড্ৰ’ খেলিছিল, এতিয়া চুটি ফৰ্মেটত দুয়োৰে মাজত টাই ব্ৰেকাৰ হ’ব ।
লগতে পঢ়ক : ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?