বিশ্ব দবা চেম্পিয়ন হ’ল ১৯ বছৰীয়া দিব্যা দেশমুখ; কনেৰু হাম্পিক কৰিলে পৰাস্ত

বিশ্ব দবা চেম্পিয়ন হ’ল ১৯ বছৰীয়া দিব্যা দেশমুখ

জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হোৱা FIDE World Cup 2025 ত জয়ী হৈ বিশ্বকাপৰ খিতাপ দখল কৰে দিব্যা দেশমুখে । দুয়োগৰাকী খেলুৱৈৰ মাজত অনুষ্ঠিত হোৱা ক্লাছিকেল মেচসমূহ ড্ৰ’ত সমাপ্ত হয় । শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হোৱা ক্লাছিকেল মেচখনত গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়ে নতুন দবা তাৰকা দিব্যা দেশমুখক অগ্ৰগতি লাভ কৰাত বাধা দিয়ে । ক্লাছিকেল মেচখন ১-১ ব্যৱধানত ড্ৰ’ত সমাপ্ত হয় ।

সোমবাৰে খেলা ৰেপিড ৰাউণ্ডত নাগপুৰৰ ১৮ নং বিশ্ব ৰেংকিঙৰ দিব্যাই বগা টুকুৰাৰে আৰম্ভণি কৰে । এই সময়ত তেওঁ আক্ৰমণাত্মকভাৱে খেলে । কিন্তু বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ হাম্পিয়ে মেচখন ড্ৰ’ কৰি মানসিকভাৱে অগ্ৰগতি লাভ কৰে । ৰেপিড ৰাউণ্ডৰ দ্বিতীয়খন খেলত ক’লা টুকুৰাৰে খেলা দিব্যা দেশমুখে আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰিছিল । আনহাতে বিশেষজ্ঞসকলৰ মতে আৰম্ভণিতে কনেৰুৰ বাবে সময় ব্যৱস্থাপনা অলপ কঠিন যেন লাগিছিল আৰু ৰেপিড ৰাউণ্ডৰ দ্বিতীয়খন খেলতো তেওঁ ভুল কৰিছিল ।

চীনক পৰাস্ত কৰি ভাৰত হ’ল চেম্পিয়ন-

উল্লেখ্য যে, দুয়োগৰাকী খেলুৱৈয়ে চাইনিজ ৱাল ভাঙি ফাইনেলত প্ৰৱেশ কৰে । ফিডে বিশ্বকাপৰ নকআউট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ৩৮ বছৰীয়া কনেৰু হাম্পী আৰু ১৯ বছৰীয়া দিব্যা দেশমুখে বহু চীনা খেলুৱৈক পৰাস্ত কৰে । মহিলা শাখাত শীৰ্ষ ১০০ ৰ ভিতৰত আছে চীন । চীনৰ ১৪ৰ পিছত ভাৰতৰ ৯ জন খেলুৱৈ শীৰ্ষ ১০০ ৰ ভিতৰত আছে । কিন্তু ফিডে বিশ্বকাপত কোনেৰু আৰু দিব্যাই চীনৰ শক্তিশালী খেলুৱৈক পৰাস্ত কৰি ভাৰতৰ আধিপত্য প্ৰমাণ কৰে ।

বিজয়ীৰ বাবে ডাঙৰ পুৰস্কাৰৰ ধন-

ফিডে মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেলৰ বিজয়ী দিব্যা দেশমুখে প্ৰায় ৪২ লাখ টকাৰ পুৰস্কাৰ ধন আৰু ৰানাৰ্ছ আপ কোনেৰু হাম্পিয়ে লাভ কৰিব ৩৫০০০ মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩০ লাখ টকাৰ পুৰস্কাৰ ধন । ইয়াৰ উপৰিও এই খেলুৱৈসকলে অতি সন্মানীয় ‘কেনণ্ডিডেটছ’ প্ৰতিযোগিতালৈয়ো যোগ্যতা অৰ্জন কৰিছে । ভাৰতত দবাৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । এনে পৰিস্থিতিত তেওঁলোকে পূৰ্বতকৈ অধিক পৃষ্ঠপোষক পোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক : ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দিব্যা দেশমুখৰ, কেণ্ডিডেটছ টুৰ্ণামেন্টলৈয়ো যোগ্যতা অৰ্জন

দবা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দিব্যা দেশমুখৰ

মহিলা বিশ্বকাপ (FIDE Women’s World Cup)ৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন ঝংয়ী টানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে দিব্যা দেশমুখে । এই সফলতা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ । ২০২৬ চনৰ কেণ্ডিডেটছ টুৰ্ণামেন্টৰ বাবেও যোগ্যতা অৰ্জন কৰিছে দিব্যাই ।

দিৱ্য দেশমুখে সৃষ্টি কৰিলে ইতিহাস-

১৯ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখে ফাইনেলত চীনৰ ঝংয়ী টানক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰে । নাগপুৰৰ বাসিন্দা দিব্যাই মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে, তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ । তেওঁৰ প্ৰদৰ্শনে তেওঁক গ্ৰেণ্ডমাষ্টাৰ নৰ্ম লাভ কৰাতো সহা কৰে, যিটো এই খেলবিধৰ সৰ্বোচ্চ খিতাপ লাভৰ পথত এক গুৰুত্বপূৰ্ণ কৃতিত্ব ।

বিশ্বকাপৰ ছেমি ফাইনেলত জয়লাভ কৰাৰ পিছত দিব্যাই কয় যে তেওঁ আৰু ভাল খেলিব পাৰিলেহেঁতেন । তেখেতে কয়, “মই ভাবো মই ভাল খেলিব পাৰিলোহেঁতেন । এটা সময়ত মই জয়ী হৈ আছিলো কিন্তু তাৰ পিছত পৰিস্থিতি কঠিন হৈ পৰিল । মই ভাবো যে মই মাজৰ খেলখনত ভুল কৰিলোঁ কাৰণ মই অধিক সহজে জয়ী হ’ব লাগিছিল ।”

দিব্য দেশমুখে ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতাত চীনৰ জোনাৰ ঝু আৰু ডি হাৰিকাক পৰাস্ত কৰিছিল, ছেমি ফাইনেলতো তেওঁ নিজৰ আধিপত্য বজাই ৰাখিছিল, এতিয়া খিতাপৰ পৰা এখোজ দূৰত আছে তেওঁ । দ্বিতীয় ছেমি ফাইনেলত কনেৰু হাম্পিয়ে চীনৰ টিংজি লেইৰ সৈতে ড্ৰ’ খেলিছিল, এতিয়া চুটি ফৰ্মেটত দুয়োৰে মাজত টাই ব্ৰেকাৰ হ’ব ।

লগতে পঢ়ক : ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?