বিশ্বৰ প্ৰথম এ আই মন্ত্ৰী
বিশ্বত বৰ্তমান প্ৰতিটো ক্ষেত্ৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত ব্যৱহাৰ চলি আছে । কিন্তু এতিয়া চৰকাৰ আৰু ৰাজনীতিতো প্ৰৱেশ কৰিছে এ আই । দুৰ্নীতি মোকাবিলা কৰিবলৈ শেহতীয়াকৈ আলবেনিয়াই চৰকাৰত এ আই মন্ত্ৰী নিযুক্তি দিছে । ভাৰ্চুৱেল মন্ত্ৰী নিযুক্তি দিয়া প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে আলবেনিয়া । এই মহিলা মন্ত্ৰীগৰাকীৰ নাম ডিয়েলা, যাৰ অৰ্থ হৈছে ‘সূৰ্য্য’ ।
দেশখনৰ প্ৰধানমন্ত্ৰী এডি ৰামাই কয় যে ডিয়েলা এনে এগৰাকী কেবিনেট সদস্য হ’ব যি শাৰীৰিকভাৱে উপস্থিত নাথাকে কিন্তু ভাৰ্চুৱেলভাৱে সৃষ্টি কৰা হৈছে । এ আইৰ দ্বাৰা নিৰ্মিত এই বটে চৰকাৰী আঁচনিসমূহ ১০০% দুৰ্নীতিমুক্ত হোৱাটো নিশ্চিত কৰাত সহায় কৰিব । ইয়াৰ দ্বাৰা চৰকাৰে সম্পূৰ্ণ স্বচ্ছতাৰে কাম কৰাত সহায় লাভ কৰিব । আলবেনিয়াৰ নেচনেল এজেন্সী ফৰ ইনফৰ্মেচন ছ’চাইটিৰ ৱেবছাইট অনুসৰি ডিয়েলাই নিজৰ কৰ্তব্য পালন কৰিবলৈ আপডেট কৰা এ আই মডেল আৰু কৌশল ব্যৱহাৰ কৰে ।
ভাৰ্চুৱেল সহায়ক হিচাপে আৰম্ভণি-
জানুৱাৰী মাহত ডিয়েলাক এ আইৰ দ্বাৰা পৰিচালিত ডিজিটেল সহায়ক হিচাপে পৰিচয় কৰাই দিয়া হৈছিল । ইয়াক ডিজাইন কৰা হৈছিল পৰম্পৰাগত আলবেনিয়ান সাজ-পোছাক পিন্ধা মহিলাৰ দৰে । ইয়াৰ উদ্দেশ্য আছিল নাগৰিকসকলক অফিচিয়েল ই-আলবেনিয়া প্লেটফৰ্মত নেভিগেট কৰাত সহায় কৰা । এই প্লেটফৰ্মে নথিপত্ৰ আৰু সেৱাসমূহৰ প্ৰৱেশ প্ৰদান কৰে ।
এ আই মন্ত্ৰী ডিয়েলাই এতিয়ালৈকে ৩৬,৬০০ ডিজিটেল নথিপত্ৰ প্ৰদানৰ সুবিধা প্ৰদান কৰিছে আৰু প্লেটফৰ্মৰ জৰিয়তে প্ৰায় ১০০০ সেৱা আগবঢ়াইছে । আলবেনিয়াত চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ গোচৰ বাৰে বাৰে প্ৰকাশ পাইছে । বিশেষজ্ঞসকলে কয় যে দেশখন ড্ৰাগছ আৰু অস্ত্ৰ সৰবৰাহৰ পৰা উপাৰ্জন কৰা ধন পৰিষ্কাৰ কৰা আন্তঃৰাষ্ট্ৰীয় অপৰাধীৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ উচ্চ পদবীতো দুর্নীতি প্রৱেশ কৰিছে ৷
একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰা ৰামাই শীঘ্ৰে সংসদত নতুন মন্ত্ৰীসভা দাখিল কৰাৰ সম্ভাৱনা আছে । আলবেনিয়াৰ ৰাষ্ট্ৰপতি বজৰাম বেগাজে ৰামাক নতুন চৰকাৰ গঠনৰ দায়িত্ব দিছে । অশ্যে সাংবাদিকসকলে এ আই মন্ত্ৰীগৰাকীৰ নিযুক্তি সংবিধানৰ বিৰুদ্ধে নেকি বুলি সোধাত ৰাষ্ট্ৰপতিগৰাকীয়ে পোনপটীয়াকৈ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।
লগতে পঢ়ক : চীনে প্ৰস্তুত কৰিলে বিশ্বৰ প্ৰথমটো ‘হাড়ৰ আঠা’; ২-৩ মিনিটৰ ভিতৰত ভঙা হাড় লাগিব জোৰা