ধড়ক ২
ধৰ্মা প্ৰডাকচনৰ এখন ছবিয়ে নিজৰ দেশতে এতিয়া অসুবিধাৰ সন্মুখিন হৈছে। শ্বাজিয়া ইকবালৰ পৰিচালনাত নিৰ্মিত ধড়ক ২ ছবিখনৰ ১৬টা দৃশ্য কাটি পেলোৱাৰ অন্তত অৱশেষত চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ (চিবিএফচি)ৰ পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰিছে।
কিন্তু প্ৰমাণ পত্ৰ লাভ কৰাৰ পূৰ্বে চেঞ্চৰ ব’ৰ্ডে ধড়ক-২ ছবিখনত বহু পৰিৱৰ্তন সাধন কৰিছে।য’ত বহুতো ৰাজনৈতিক সংলাপ আৰু কিছুমান জাতিবাদী শব্দ কাটি পেলোৱা হৈছে।
মেকাৰসকলকো ১৬ টাকৈ দৃশ্য সলনি কৰিবলৈ কোৱা হৈছে।ভাৰতৰ শিল্পীৰ ওপৰত হোৱা অত্যাচাৰৰ কথা উল্লেখ কৰা কিছুমান সংলাপো সলনি কৰা হৈছে।
কোৱা হৈছে যে চিবিএফচিয়ে মুনশী প্ৰেমচান্দৰ ‘ঠাকুৰ কা কুৱাণ’ কবিতা আবৃত্তিৰ ক্ষেত্ৰতো চেঞ্চৰ কৰিবলৈ কৈছে। এটা গীতত চেন্ট তুলচিদাছৰ কপলেট এটাও সলনি কৰা হৈছে।
শ্বাজিয়া ইকবালৰ পৰিচালক আৰু কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ প্ৰযোজনাত নিৰ্মিত ধড়ক ২ প্ৰথমে ২০২৪ চনৰ ২২ নৱেম্বৰত মুক্তি পোৱাৰ কথা আছিল।২০২৪ চনৰ মে’ মাহত নিৰ্মাতাই এই কথা ঘোষণা কৰিছিল।
কিন্তু কোনো কাৰণ নিদিয়াকৈ নিৰ্মাতাসকলে ছবিখন পিছুৱাই দিছিল।ইয়াৰ পিছত ছবিখন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱাৰ কথা আছিল যদিও সেয়া নহ’ল।
২০১৮ চনত মুক্তি পোৱা ধড়ক ছবিখনৰ ছিকুৱেল হৈছে ধড়ক ২।জাহ্নৱী কাপুৰ আৰু ঈশান খট্টৰে ধড়ক ছবিৰে বলীউডত অভিষেক ।
এইবাৰ অনুৰাগীয়ে ছবিখনত সিদ্ধান্ত চতুৰ্বেদী আৰু তৃপ্তী ডিমৰীৰ যুটি দেখিবলৈ পাব ।য’ত অনুৰাগীসকলক পৰিচয় কৰাই দিয়া হ’ব নীলেশ আৰু বিদিশাৰ প্ৰেম কাহিনীৰ কাহিনীৰ সৈতে।
চিনেমাখনত জাতিগত কোণ দেখুওৱা হৈছে।নীলেশ আৰু বিদিশাৰ প্ৰেম কাহিনী তেওঁলোকৰ ভিন্ন জাতিৰ বাবে সম্পূর্ণ হ’ব নে নহয়, সেয়া ছবিখনত দেখা যাব৷ছবিখন পৰিচালনা কৰিছে ছাজিয়া ইকবালে।১১ জুলাইত মুক্তি পাব পাৰে ছবিখনে।
লগতে পঢ়ক:‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?