দিল্লীৰ এনচিইআৰটিৰ নতুন পাঠ্যপুথিত সপ্তম শ্ৰেণীৰ কিতাপৰ পৰা মোগল আৰু দিল্লী চুলতানী বিষয়ক অধ্যায় আঁতৰোৱা হৈছে।
এই পৰিৱৰ্তনসমূহৰ অধীনত নতুন অধ্যায়সমূহত ভাৰতীয় বংশ, ‘পবিত্ৰ ভূগোল’, মহাকুম্ভ আৰু চৰকাৰী আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এই পদক্ষেপসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এনচিএফএছই) ২০২৩ৰ সৈতে সামঞ্জস্যপূৰ্ণ যিয়ে ভাৰতীয় পৰম্পৰা, দৰ্শন, শিক্ষা ব্যৱস্থা আৰু স্থানীয় প্ৰেক্ষাপটৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এনচিইআৰটিৰ বিষয়াসকলৰ মতে, এইটো পাঠ্যপুথিৰ প্ৰথম খণ্ড হয় আৰু আগন্তুক মাহত দ্বিতীয় খণ্ড মুকলি কৰা হ’ব।কিন্তু পূৰ্বে আঁতৰোৱা অংশবোৰ পুনৰ যোগ কৰা হ’ব নে নহয় সেই কথা তেওঁ নিশ্চিত কৰা নাই।
২০২২-২৩ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত এনচিইআৰটিয়ে ইতিমধ্যে মোগল আৰু দিল্লী চুলতানীৰ ওপৰত ভিত্তি কৰি লোৱা অংশসমূহ হ্ৰাস কৰা হৈছিল,কিন্তু এতিয়া নতুন পাঠ্যপুথিৰ পৰা সেইবোৰ সম্পূৰ্ণৰূপে আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।