চলিত আই পি এলত ১৭ দিন পূৰ্বে দিল্লী কেপিটেলছে ঘৰুৱা খেলপথাৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক পৰাস্ত কৰিছিল । কে এল ৰাহুলে ৯৩ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল আৰু ইংগিত দিছিল যে সেয়া তেওঁৰ ঘৰুৱা খেলপথাৰ । ইয়াৰ পিছতে এতিয়া বিৰাট কোহলীৰ হাতত আছে প্ৰতিশোধ লোৱাৰ সুযোগ । কাৰণ আজি অৰুণ জেটলী ষ্টেডিয়ামত দুয়োটা দল পুনৰ মুখামুখি হ’ব । এই যুঁজ পইণ্ট টেবুলত শীৰ্ষস্থান দখলৰ বাবেও হ’ব ।
বেংগালুৰুত অনুষ্ঠিত অন্তিমখন খেলত দিল্লী কেপিটেলছে ৬ উইকেটত জয়লাভ কৰে । ৰাহুলে ৫৩টা বলত ৯৩ ৰান সংগ্ৰহ কৰে । সেই মেচখনত ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰি কোহলী আউট হৈছিল । কিন্তু আজি কোহলীয়ে নিজৰ ঘৰুৱা খেলপথাৰত খেলিব । শ্ৰেয়াছ আয়েৰৰ অধিনায়কত্বত পঞ্জাৱ কিংছৰ বিৰুদ্ধে কোহলীয়ে যেনেকৈ প্ৰতিশোধ ল’লে, আজিও তেওঁ অক্ষৰ পেটেল বাহিনীৰ বিৰুদ্ধে একেই প্ৰতিশোধ ল’ব বিচাৰিব ।
আই পি এল ২০২৫ পইণ্ট টেবুলৰ শীৰ্ষ স্থানৰ বাবে যুঁজ-
আই পি এলৰ পইণ্ট তালিকাত বৰ্তমান ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু । দিল্লীয়ে ৮খন মেচৰ ভিতৰত ৬ খনত জয়লাভ কৰি ১২ পইণ্ট লাভ কৰিছে । বেংগালুৰুৰ পৰিস্থিতিও একেই যদিও নেট ৰান ৰেটৰ ভিত্তিত তেওঁলোক দিল্লীতকৈ পিছ পৰি আছে । আজি জয়ী হোৱা দলটোৱে পইণ্ট তালিকাত প্ৰথম স্থান লাভ কৰিব কাৰণ শীৰ্ষত থকা গুজৰাটৰো মাত্ৰ ১২ পইণ্ট আছে ।
দিল্লী বনাম বেংগালুৰু-
প্ৰথম সংস্কৰণৰ পৰাই দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে আই পি এলত খেলি আহিছে । দুয়োটা দল প্ৰথমবাৰৰ বাবে খিতাপৰ সন্ধানত আছে আৰু এই বছৰ তেওঁলোকৰ প্ৰদৰ্শন অতি উত্তম ।
দুয়োটা দল মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দিল্লী আৰু বেংগালুৰুৰ মাজত মুঠ ৩২খন মেচ অনুষ্ঠিত হৈছে ৷ ৩২খন খেলৰ ভিতৰত বেংগালুৰুৱে ১৯খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১২খন খেলত জয়লাভ কৰিছে । বাংগালুৰুৰ বিৰুদ্ধে দিল্লীৰ সৰ্বোচ্চ স্ক’ৰ ১৯৬ ৰান । দিল্লীৰ বিৰুদ্ধে বেংগালুৰুৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২১৫ ৰান ।
দিল্লী কেপিটেলছ সম্ভাৱ্য মূল একাদশ-
অভিষেক পোৰেল, ফাফ ডু প্লেছিছ, কে এল ৰাহুল (উইকেটকীপাৰ), ট্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সাম্ভাব্য মূল একাদশ-
ফিল ছল্ট, বিৰাট কোহলী, ৰজত পাটিদাৰ (অধিনায়ক), দেৱদত্ত পদ্দিকল, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ৰোমাৰিঅ’ শ্বেফাৰ্ড, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল ।