নিৰ্বাচন আয়োগক প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ
দেওবাৰে নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ভোট চুৰি আৰু ভোটাৰ তালিকাৰ লগত খেল কৰাৰ অভিযোগ উত্থাপন কৰে।ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহকো লক্ষ্য কৰি লয়।
লগতে তেওঁ কয় যে নিৰ্বাচন আয়োগে মোক শপতনামা বিচাৰিছে,কিন্তু অনুৰাগ ঠাকুৰেও মই যি কৈছো সেই একেটা কথাই কৈছে,তেন্তে আয়োগে তেওঁৰ পৰা শপতনামা বিচৰা নাই কিয়?
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বিহাৰৰ সাছাৰামত এখন ৰাজহুৱা সভাত ভাষণ দি কয় যে, ‘আজি দেওবাৰে নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰিছে।
মই আপোনালোকক সুধিব বিচাৰো যে যদি আপুনি চিচিটিভিৰ বাবে আইন বনাইছিল তেন্তে আপুনি কিয় সলনি কৰিলে? আপুনি জানেনে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কোনেও গোচৰ ৰুজু কৰিব নোৱাৰে?
কোনো আদালতে গোচৰ ৰুজু কৰিব নোৱাৰে, কিয় এই আইনখন বনোৱা হ’ল? এইটো এনেদৰে কৰা হৈছিল যাতে কোনেও কেতিয়াও নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰে।”
তেওঁ কয়, এই আইনখন মোডী-অমিত শ্বাহে বনাইছিল যাতে ভোট চুৰি হ’ব পাৰে।কিন্তু আমি ভোট চুৰি হ’বলৈ নিদিওঁ।মোডী আৰু নিৰ্বাচন আয়োগে বুজিব লাগে যে তেজস্বী আৰু মই আপোনাক ভয় কৰা নাই।
ভোট চুৰিৰ সত্যতা আমি ভাৰতৰ প্ৰতিজন নাগৰিকৰ সন্মুখত উপস্থাপন কৰিম।ইয়াৰ পুলিচে বেৰিকেড লগাই দিলে যাতে আমি আগবাঢ়িব নোৱাৰো। কিন্তু আমি বেৰিকেডৰ ওচৰ পালোঁগৈ। আপোনালোকে অহা উচিত। এয়াই বিহাৰৰ শক্তি।”
ৰাহুল গান্ধীয়ে কয়, ‘আমি বিহাৰত এই ভোটাৰ ৰাইটছ যাত্ৰা আৰম্ভ কৰিছো কাৰণ দীৰ্ঘদিন ধৰি মানুহে আমাৰ ভোট চুৰি হোৱা বুলি সন্দেহ কৰি আহিছে।মহাৰাষ্ট্ৰৰ উদাহৰণ লওক।
মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ সৰ্বভাৰতীয় মিত্ৰজোঁটৰ জয়।চাৰি মাহৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ল আৰু একেখন মহাৰাষ্ট্ৰতে বিজেপি মিত্ৰজোঁটে বৃহৎ জয় লাভ কৰিলে আৰু আমাৰ মিত্ৰতা ক’তো দেখা নগ’ল।নোহোৱা হৈ গ’ল।”
তেওঁ কয়, ‘যেতিয়া আমি তদন্ত কৰিছিলো তেতিয়া আমি দেখিছিলো যে লোকসভা নিৰ্বাচনৰ চাৰি মাহৰ পাছত নিৰ্বাচন আয়োগে যাদুকৰীভাৱে এক কোটি নতুন ভোটাৰৰ সৃষ্টি কৰিছিল।
য’ত নতুন ভোটাৰ আহিছিল তাতেই বিজেপি জয়ী হৈছিল।আমাৰ ভোট কমি যোৱা নাছিল। ইণ্ডিয়া এলায়েন্সে লোকসভাত যিমান সংখ্যক ভোট লাভ কৰিছিল, বিধানসভাতটো সিমানেই ভোট লাভ কৰিছিল।কিন্তু বিজেপিয়ে সকলো নতুন ভোটাৰ পালে। সেইবাবেই আমাৰ সন্দেহ হ’ল।”
কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘আমি নিৰ্বাচন আয়োগক এই কথা আমাক বুজাবলৈ ক’লোঁ, এই এক কোটি ভোটাৰ ক’ৰ পৰা আহিল, তেওঁলোক কোন?নিৰ্বাচন আয়োগে কয় যে আমি একো নকওঁ।
আমাক আপোনাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। তাৰ পিছত আমি তেওঁলোকক ক’লোঁ যে আপুনি চিচিটিভি লগাইছে।আইন অনুসৰি যি পক্ষই চিচিটিভি ফুটেজ বিচাৰিব, তেওঁলোকে চিচিটিভি ফুটেজ দিব লাগিব।
কিন্তু তেওঁলোকে কয় যে তেওঁলোকে চিচিটিভি ফুটেজ নিদিয়ে। তাৰ পিছত আমি কলো ভোটাৰ তালিকা আমাক দিয়া।কিন্তু ইলেক্ট্ৰনিক ভোটাৰ তালিকাও নিদিও বুলি কলে।
লগতে পঢ়ক: ‘আমাৰ বাবে কোনো পক্ষ বা বিপক্ষ নাই, আমাৰ…’; ভোট চুৰিৰ অভিযোগক লৈ নিৰ্বাচন আয়োগৰ প্ৰত্যুত্তৰ