জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত ধ্বংসলীলা
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ মচাইল মট্টা যাত্ৰাৰ পথত পদ্দেৰ মহকুমাৰ চিশোটি গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।ডাৱৰ বিস্ফোৰণৰ ফলত পানীৱে বুৰাই পেলাইছে চিশোটি গাওঁখন ।
ডাৱৰ বিস্ফোৰণৰ ফলত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।উপায়ুক্ত কিষ্টৱাৰে ১২-১৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।
সাহায্য আৰু উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সন্দেহ কৰা হৈছে।
এই দুৰ্ঘটনাক লৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে কিষ্টৱাৰৰ ডাৱৰ বিস্ফোৰণত মই অতি দুখী।
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।অসামৰিক, আৰক্ষী, সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ বিষয়াসকলক উদ্ধাৰ আৰু সাহায্য অভিযান অধিক ক্ষিপ্ৰতাৰে কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।
বানপানীৰ পিছত ৰাইজ আৰু তীৰ্থযাত্ৰীক সহায় কৰিবলৈ এটা কন্ট্ৰল ৰুম-কম-হেল্প ডেস্ক স্থাপন কৰা হৈছিল। জম্মু-কাশ্মীৰৰ এই ঘটনাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা… কেলিস্পেল চিটি বিমানবন্দৰত অঘটন