সামৰিক পেৰেডত দেখা গ’ল চীনৰ সামৰিক শক্তি
দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে চীনে এক বৃহৎ সামৰিক পেৰেডত নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰে । চীনৰ সেনাই প্ৰথমবাৰৰ বাবে বিশ্বক দেখুৱালে জেট যুঁজাৰু বিমান, মিছাইল আৰু শেহতীয়া ইলেক্ট্ৰনিক যুদ্ধৰ ক্ষমতাকে ধৰি কিছুমান আধুনিক অস্ত্ৰ । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, উত্তৰ কোৰিয়াৰ নেতা কিম জং উন আৰু ইৰাণ, মালয়েছিয়া, ম্যানমাৰ, মংগোলিয়া, ইণ্ডোনেছিয়া, জিম্বাবুৱে আৰু মধ্য এছিয়াৰ দেশৰ নেতাকে ধৰি ২৬ গৰাকী বিদেশী নেতাই এই পেৰেডত অংশগ্ৰহণ কৰে ।
দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ আগ্ৰাসনৰ বিৰুদ্ধে চীনৰ বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা পেৰেডত শতাধিক সৈন্যই অংশগ্ৰহণ কৰে । চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু তেওঁৰ পত্নী পেং লিয়ুয়ানে বিদেশী অতিথিসকলক আদৰণি জনায় । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে এই পেৰেডত অংশগ্ৰহণ কৰিছে ।
৬ বছৰৰ পিছত প্ৰথমটো বৃহৎ সামৰিক পেৰেড-
২০১৯ চনৰ পিছত এয়া চীনত প্ৰথমটো বৃহৎ সামৰিক পেৰেড অনুষ্ঠিত হৈছে । ২০১৯ চনত চিপিচি প্ৰতিষ্ঠা হোৱাৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই পেৰেড অনুষ্ঠিত হয় । এইবাৰ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ স্মৃতিত অনুষ্ঠিত হৈছে এই পেৰেড । এই যুদ্ধই চীনক বেয়াকৈ প্ৰভাৱিত কৰিছিল ।
চীনৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিক লৈ চিন্তিত আমেৰিকা-
এই পেৰেডৰ উদ্দেশ্য হৈছে দেশৰ নাগৰিকৰ মাজত গৌৰৱ আৰু বিশ্বাস জগাই তোলা আৰু যিকোনো আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ দেশখন যে সক্ষম সেই কথা প্ৰকাশ কৰা । কিন্তু চীনৰ ক্ৰমবৰ্ধমান সামৰিক শক্তি এছিয়াৰ প্ৰতিবেশী দেশ আৰু আমেৰিকাৰ বাবে চিন্তাৰ বিষয় হৈয়েই আছে ।
লগতে পঢ়ক : মোদী-পুটিনৰ মিত্ৰতা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাহাকাৰ… একপক্ষীয় বাণিজ্যিক সম্পৰ্কৰ অভিযোগ