ট্ৰাম্পক একাশৰীয়া কৰি একত্ৰিত ভাৰত, চীন আৰু ৰাছিয়া
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত পুনৰ ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ নিৰ্দেশৰ পিছত চীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
দেশখনে আমেৰিকাক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক বাণিজ্যিক ব্যৱস্থাৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছে। শুল্ক যুদ্ধ আৰম্ভ কৰি ড’নাল্ড ট্ৰাম্পে যি খেল খেলিছে, সেয়া আমেৰিকাৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে বা নহ’বও পাৰে কিন্তু ই নিশ্চিতভাৱে তিনিওখন দেশক একত্ৰিত কৰিছে।
বৃহস্পতিবাৰে এখন সংবাদমেলত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে কয় যে তেওঁলোকে সদায় শুল্কৰ অপব্যৱহাৰৰ বিৰোধিতা কৰি আহিছে আৰু এই বিষয়ে আমাৰ স্থিতি স্পষ্ট আৰু সামঞ্জস্যপূৰ্ণ।
এই মন্তব্যটো তেতিয়া আহিছিল যেতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে এক কাৰ্যবাহী আদেশত চুক্তি স্বাক্ষৰ কৰি চীনে ভাৰতৰ পৰা অহা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
ভাৰতৰ ওপৰত মুঠ শুল্ক ৫০% আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ সময়ত ড’নাল্ড ট্ৰাম্পে কৈছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰত চীনৰ অতি ঘনিষ্ঠ হয় আৰু এতিয়া আমেৰিকাই ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ গৌণ নিষেধাজ্ঞাৰ দিশে আগবাঢ়িব।
লগতে পঢ়ক: ট্ৰাম্পৰ শুল্ক নীতিৰ মাজতে ডাঙৰ খবৰ; শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন