লোকপিয়লৰ অধিসূচনা জাৰি
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে ২০২৭ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাৰ লোকপিয়ল কৰা হ’ব । ইয়াৰ বাবে গেজেট অধিসূচনা জাৰি কৰা হৈছে । লোকপিয়লৰ অধিসূচনা অনুসৰি ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আবৃত অঞ্চলত লোকপিয়ল আৰম্ভ হ’ব । দেশৰ বাকী অংশত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া ।
লোকপিয়লৰ অধিসূচনা-
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, মহা পঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণকে ধৰি অন্যান্য বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয় । চৰকাৰী বিবৃতি অনুসৰি এই লোকপিয়ল সম্পূৰ্ণ ডিজিটেল হ’ব । ইয়াৰ বাবে মোবাইল এপ প্ৰস্তুত কৰা হ’ব আৰু তাত লোকপিয়লৰ সৈতে জড়িত সকলো তথ্য সংগ্ৰহ কৰা হ’ব । ১৬টা ভাষাত উপলব্ধ হ’ব এই এপসমূহ ।
গৃহমন্ত্ৰী শ্বাহে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয়, ‘১৬ সংখ্যক লোকপিয়লত প্ৰথমবাৰৰ বাবে জাতি গণনা অন্তৰ্ভুক্ত কৰা হ’ব । ৩৪ লাখ গণনাকাৰী আৰু তত্বাৱধায়ক, ১.৩ লাখ লোকপিয়ল বিষয়াই আধুনিক মোবাইল আৰু ডিজিটেল সঁজুলিৰে এই কাম কৰিব । কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰু দেশৰ বাকী অংশত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব জাতি গণনা আৰু লোকপিয়লৰ কাম ।’
দুটা পৰ্যায়ত হ’ব লোকপিয়ল-
দুটা পৰ্যায়ত কৰা হ’ব লোকপিয়ল । প্ৰথম পৰ্যায়ত অৰ্থাৎ হাউচ লিষ্টিং আৰু হাউছিং এনিউমেৰেচন (HLO)ত প্ৰতিটো পৰিয়ালৰ আৱাসিক অৱস্থা, সম্পত্তি আৰু সুবিধাসমূহৰ সবিশেষ সংগ্ৰহ কৰা হ’ব । ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত (জনসংখ্যা পিয়ল) প্ৰতিটো ঘৰৰ প্ৰতিজন ব্যক্তিৰ জনগাঁথনি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু অন্যান্য সবিশেষ সংগ্ৰহ কৰা হ’ব ।
স্বাধীনতাৰ পিছত অষ্টম লোকপিয়ল-
এই লোকপিয়ল ভাৰতৰ ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত ৮ম লোকপিয়ল হ’ব । এইবাৰ মোবাইল এপ্লিকেচনৰ জৰিয়তে ডিজিটেলভাৱে কৰা হ’ব লোকপিয়ল । লগতে নাগৰিকসকলৰ বাবে স্ব-গণনা সুবিধাও উপলব্ধ হ’ব । তথ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সংগ্ৰহ, প্ৰেৰণ আৰু সংৰক্ষণৰ সময়ত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব । উল্লেখযোগ্য যে শেষৰটো লোকপিয়ল ২০১১ চনত কৰা হৈছিল আৰু এই লোকপিয়ল ১৬ বছৰৰ ব্যৱধানৰ পিছত কৰা হ’ব ।
লগতে পঢ়ক : পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; কানাডা, চাইপ্ৰাছৰ পিছত যাব ক্ৰ’ৱেচিয়ালৈ