লোকপিয়লৰ অধিসূচনা জাৰি; ৩৫ লাখৰো অধিক কৰ্মীয়ে ডিজিটেলী কৰিব কাম

লোকপিয়লৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে ২০২৭ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যাৰ লোকপিয়ল কৰা হ’ব । ইয়াৰ বাবে গেজেট অধিসূচনা জাৰি কৰা হৈছে । লোকপিয়লৰ অধিসূচনা অনুসৰি ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বৰফেৰে আবৃত অঞ্চলত লোকপিয়ল আৰম্ভ হ’ব । দেশৰ বাকী অংশত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া ।

লোকপিয়লৰ অধিসূচনা-

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে লোকপিয়ল অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, মহা পঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণকে ধৰি অন্যান্য বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হয় । চৰকাৰী বিবৃতি অনুসৰি এই লোকপিয়ল সম্পূৰ্ণ ডিজিটেল হ’ব । ইয়াৰ বাবে মোবাইল এপ প্ৰস্তুত কৰা হ’ব আৰু তাত লোকপিয়লৰ সৈতে জড়িত সকলো তথ্য সংগ্ৰহ কৰা হ’ব । ১৬টা ভাষাত উপলব্ধ হ’ব এই এপসমূহ ।

গৃহমন্ত্ৰী শ্বাহে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে কয়, ‘১৬ সংখ্যক লোকপিয়লত প্ৰথমবাৰৰ বাবে জাতি গণনা অন্তৰ্ভুক্ত কৰা হ’ব । ৩৪ লাখ গণনাকাৰী আৰু তত্বাৱধায়ক, ১.৩ লাখ লোকপিয়ল বিষয়াই আধুনিক মোবাইল আৰু ডিজিটেল সঁজুলিৰে এই কাম কৰিব । কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰু দেশৰ বাকী অংশত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব জাতি গণনা আৰু লোকপিয়লৰ কাম ।’

দুটা পৰ্যায়ত হ’ব লোকপিয়ল-

দুটা পৰ্যায়ত কৰা হ’ব লোকপিয়ল । প্ৰথম পৰ্যায়ত অৰ্থাৎ হাউচ লিষ্টিং আৰু হাউছিং এনিউমেৰেচন (HLO)ত প্ৰতিটো পৰিয়ালৰ আৱাসিক অৱস্থা, সম্পত্তি আৰু সুবিধাসমূহৰ সবিশেষ সংগ্ৰহ কৰা হ’ব । ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত (জনসংখ্যা পিয়ল) প্ৰতিটো ঘৰৰ প্ৰতিজন ব্যক্তিৰ জনগাঁথনি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু অন্যান্য সবিশেষ সংগ্ৰহ কৰা হ’ব ।

স্বাধীনতাৰ পিছত অষ্টম লোকপিয়ল-

এই লোকপিয়ল ভাৰতৰ ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত ৮ম লোকপিয়ল হ’ব । এইবাৰ মোবাইল এপ্লিকেচনৰ জৰিয়তে ডিজিটেলভাৱে কৰা হ’ব লোকপিয়ল । লগতে নাগৰিকসকলৰ বাবে স্ব-গণনা সুবিধাও উপলব্ধ হ’ব । তথ্য সুৰক্ষা নিশ্চিত কৰিবলৈ সংগ্ৰহ, প্ৰেৰণ আৰু সংৰক্ষণৰ সময়ত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব । উল্লেখযোগ্য যে শেষৰটো লোকপিয়ল ২০১১ চনত কৰা হৈছিল আৰু এই লোকপিয়ল ১৬ বছৰৰ ব্যৱধানৰ পিছত কৰা হ’ব ।

লগতে পঢ়ক : পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; কানাডা, চাইপ্ৰাছৰ পিছত যাব ক্ৰ’ৱেচিয়ালৈ

প্ৰথম ডিজিটেল লোকপিয়ল; ১৬ বছৰৰ পাছত ২০২৭ৰ ১ মাৰ্চৰ পৰা দেশত আৰম্ভ হ’ব জনগণনা

প্ৰথম ডিজিটেল লোকপিয়ল

লোকপিয়ল ২০২৭ দেশৰ ভিতৰতে প্ৰথম ডিজিটেল লোকপিয়ল, য’ত মানুহে নিজৰ বিষয়ে তথ্য প্ৰকাশ কৰিব পাৰিব । ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ঘৰ গণনা বা তালিকাভুক্তকৰণৰ পৰ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এয়া ১৬ বছৰৰ পিছত হ’ব দেশৰ ১৬ সংখ্যক লোকপিয়ল । ইয়াৰ পূৰ্বে দেশত ২০১১ চনত লোকপিয়ল অনুষ্ঠিত হৈছিল । ইয়াৰ বাবে ৩০ লাখৰো অধিক গণনাকাৰী আৰু তত্বাৱধায়কক লোকপিয়ল পৰিচালনাৰ প্ৰশিক্ষণ দিয়া হ’ব । দুৱাৰে দুৱাৰে গৈ তেওঁলোকে লোকপিয়ল কৰিব । সমগ্ৰ জনগণনা প্ৰক্ৰিয়াত ১৩ হাজাৰ কোটিতকৈ অধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে ।

কিন্তু এই লোকপিয়লৰ সময়ত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এন পি আৰ) আপডেট কৰা হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই ।

নাগৰিকক সোধা হ’ব এই প্ৰশ্ন-

নাগৰিকসকলক তেওঁলোকৰ ঘৰত কি শস্য খায়, খোৱাপানীৰ মূল উৎস, পোহৰৰ মূল উৎস, শৌচাগাৰৰ সুবিধা, শৌচাগাৰৰ প্ৰকাৰ আৰু পেলনীয়া পানী নিষ্কাশনৰ ব্যৱস্থা কি আদি প্ৰশ্ন সোধা হ’ব । ইয়াৰ উপৰিও গা ধোৱাৰ সুবিধা, পাকঘৰ আৰু এল পি জি/পি এন জি সংযোগৰ উপলব্ধতা, ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা মূল ইন্ধন আৰু ৰেডিঅ’, ট্ৰেঞ্জিষ্টৰ আৰু টেলিভিছনৰ উপলব্ধতাৰ বিষয়েও তথ্য লোৱা হ’ব ।

জনগণনা ঘৰৰ মজিয়া, বেৰ আৰু চালৰ মূল সামগ্ৰী, জনগণনা গৃহৰ অৱস্থা, ঘৰখনত সাধাৰণতে বসবাস কৰা মুঠ ব্যক্তিৰ সংখ্যা আৰু ঘৰৰ মুৰব্বী মহিলা নে নহয় সেই বিষয়েও সোধা হ’ব ।

২০২৭ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে জাতি জনগণনা-

লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে । ২০২৭ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশতে জাতিগত জনগণনা কৰা হ’ব । অৱশ্যে ২০২৬ চনৰ অক্টোবৰত ইয়াৰ পাঁচ মাহ পূৰ্বে পাহাৰীয়া ৰাজ্যসমূহত জাতি জনগণনা আৰম্ভ কৰা হ’ব । গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ বাহিৰে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে বৰফ প্ৰভাৱিত ৰাজ্যসমূহত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা  জনগণনাৰ কথা বিবেচনা কৰা হ’ব ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৩০ এপ্ৰিলত ঘোষণা কৰিছিল যে এইবাৰ ভাৰতত জনগণনা জাতিৰ ভিত্তিত কৰা হ’ব । কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত তথ্য দি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পৰৱৰ্তী জনগণনাৰ সমান্তৰালকৈ মোদী চৰকাৰে জাতিৰ ভিত্তিতো লোক গণনা কৰিব । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বহুবাৰ জাতিগত লোক গণনা দাবী উত্থাপন হৈ আহিছে । কিন্তু চৰকাৰে এই দাবীক আওকাণ কৰি আহিছিল । কিন্তু এতিয়া তাৰিখ ঘোষণাৰ লগে লগে স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত জনগণনাৰ বাট প্ৰায় মুকলি হৈ পৰিছে ।

দেশত শেষবাৰৰ বাবে কেতিয়া হৈছিল জাতিগত জনগণনা ?

১৮৮১ চনৰ পৰা দেশত জনগণনা আৰম্ভ হৈছিল । প্ৰথম জনগণনাত জাতি জনগণনাৰ তথ্য প্ৰকাশ পাইছিল । ইয়াৰ পিছত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোক গণনা কৰা হৈছিল । ১৯৩১ চনলৈকে হোৱা জনগণনাত জাতিভিত্তিক তথ্যও প্ৰতিবাৰেই প্ৰকাশ পাইছিল । ১৯৪১ চনৰ লোক গণনাত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হৈছিল যদিও সেই তথ্য প্ৰকাশ কৰা হোৱা নাছিল । স্বাধীনতাৰ পিছৰ প্ৰতিটো লোকপিয়লত চৰকাৰে কেৱল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জাতিভিত্তিক তথ্য প্ৰকাশ কৰিছে । অন্য জাতিৰ জাতিভিত্তিক তথ্য ১৯৩১ চনৰ পিছত কেতিয়াও প্ৰকাশ হোৱা নাছিল ।

লগতে পঢ়ক : ২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…