সোমবাৰে অসম বিধানসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগে CBSE ৰ বিদ্যালয় সমূহক লৈ ডাঙৰ ঘোষণা কৰিছে।
এই বাজেট অনুসৰি ৰাজ্যিক ব’ৰ্ড আৰু CBSE ৰ বিদ্যালয় সমূহত মাতৃভাষা অধ্যয়নৰ সুবিধা থাকিব লাগিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত অসমীয়া ভাষা আৰু BTR ৰ সকলো বিদ্যালয়ত অসমীয়া আৰু বড়ো ভাষা বাধ্যতামূলক হ’ব।
যদি কোনো বিদ্যালয়ে এই নিয়ম নামানে তেনেহলে জৰিমনা বিহিব চৰকাৰে। আনহাতে এপ্ৰিল মাহৰ পৰা অষ্টমশ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক হ’ব। ইয়াৰ লগতে কাৰ্বি আংলঙত সৈনিক স্কুলৰ বাবে ৩৭৫ কোটি টকা ধাৰ্য কৰা হৈছে এই বাজেট খনত।