চিবিএছইয়ে পালে নতুন মুৰব্বী: লোখণ্ডে প্ৰশান্ত সীতাৰাম হ’ব নতুন অধ্যক্ষ
গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে IAS বিষয়া লোখণ্ডে প্ৰশান্ত সীতাৰামক চিবিএছইৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে
চিবিএছই (CBSE)ৰ কাৰ্যপদ্ধতিক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু ক্ষোভৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে । দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনা আৰু মূল্যায়ন প্ৰক্ৰিয়াত দেখা দিয়া গুৰুতৰ ত্ৰুটিৰ বাবে পূৰ্বৰ নেতৃত্বক আঁতৰাই এতিয়া নতুন দায়িত্ব অৰ্পণ কৰা হৈছে । গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মে আইএএছ (IAS) বিষয়া লোখণ্ডে প্ৰশান্ত সীতাৰামক চিবিএছইৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । ইয়াৰ উপৰিও জ্যেষ্ঠ আমোলা বৰুণ ভাৰদ্বাজক বোৰ্ডখনৰ নতুন সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।
পুৰণি নেতৃত্ব অপসাৰণ আৰু কেডাৰলৈ প্ৰত্যাৱৰ্তন-
দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পৰিচালনাত খেলিমেলি, মূল্যায়ন প্ৰক্ৰিয়াত ব্যৱহাৰিক আৰু কাৰিকৰী সমস্যা তথা জবাবদিহিতাৰ অভাৱক লৈ চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ পূৰ্বেই চৰকাৰে চিবিএছইৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই বদলি কৰিছিল । প্ৰাক্তন সচিব হিমাংশু গুপ্তাক প্ৰশাসনিক ভিত্তিত তেওঁৰ মূল কেডাৰ অৰ্থাৎ গৃহ মন্ত্ৰালয়লৈ ওভতাই পঠিওৱা হ’ব ।
কোন এই নতুন অধ্যক্ষ লোখণ্ডে প্ৰশান্ত সীতাৰাম ?
চিবিএছইৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব ল’বলগীয়া লোখণ্ডে প্ৰশান্ত সীতাৰাম বৰ্তমান গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত আছিল । মহাৰাষ্ট্ৰৰ বাসিন্দা সীতাৰাম এজিএমইউটি (AGMUT) কেডাৰৰ এজন সুদক্ষ আইএএছ বিষয়া । প্ৰশাসনিক দিশত দীৰ্ঘদিনীয়া অভিজ্ঞতা থকাৰ উপৰিও তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙত বিই (BE) ডিগ্ৰীধাৰী ।
ওএছএম কেলেংকাৰীৰ তদন্তৰ বাবে এজনীয়া কমিটি-
পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ ব্যাপক অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ডিজিটেল মূল্যায়ন অৰ্থাৎ ওএছএম (OSM – On-Screen Marking) চিষ্টেমৰ বিসংগতিসমূহৰ ওপৰত কঠোৰ হৈছে । ডিজিটেল মূল্যায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত সেৱা ক্ৰয়ৰ ক্ষেত্ৰত উঠা অনিয়মৰ তদন্তৰ বাবে চৰকাৰে এখন এজনীয়া তদন্ত কমিটি গঠন কৰিছে ।
এক মাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ :
কেপাচিটি বিল্ডিং কমিচনৰ অধ্যক্ষ এছ. ৰাধা চৌহানৰ নেতৃত্বত এই তদন্ত পেনেল গঠন কৰা হৈছে । তেওঁক সমগ্ৰ ক্ৰয় প্ৰক্ৰিয়াৰ পুংখানুপুংখ তদন্ত কৰি অহা এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
কি আছিল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অভিযোগ ?
নতুন ডিজিটেল মাৰ্কিং ফ্ৰেমৱৰ্কৰ অধীনত পৰীক্ষাৰ্থীসকলে ব্যাপক কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল । ইয়াৰ উপৰিও মাচুল পৰিশোধ সম্পৰ্কীয় জটিলতা, স্ক্ৰুটিন বা ভেৰিফিকেচন আৰু পুনৰ মূল্যায়নৰ ফলাফল লাভ কৰাত অস্বাভাৱিক পলম হোৱাৰ বাবে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ গভীৰ চিন্তাৰ সৃষ্টি হৈছিল । ছাত্ৰ-ছাত্ৰীৰ এই ক্ষোভ আৰু দুশ্চিন্তাৰ অন্ত পেলাবলৈকে কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ প্ৰশাসনিক ৰেডল্ডল চলোৱা বুলি ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক : স্কুলীয়া শিক্ষাত উত্তৰ-পূবৰ শীৰ্ষত অসম, দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা স্থানত মেঘালয় : পি জি আই প্ৰতিবেদন