জীৱনত আগবাঢ়ি যাবলৈ এই পাঁচটা দক্ষতা প্ৰয়োজনীয়
প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱন আৰু কেৰিয়াৰত সফল হ’ব বিচাৰে । বৰ্তমানৰ আধুনিক যুগত ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে । এতিয়া সফলতাৰ সংজ্ঞা বহুত সলনি হৈছে । কেৱল উচ্চ শিক্ষা, নম্বৰৰ উৎকৃষ্টতা বা কাৰিকৰী জ্ঞান এতিয়া যথেষ্ট নহয় । দ্ৰুতগতিত সলনি হোৱা আৰু প্ৰতিযোগিতামূলক পৃথিৱীখনত সাধাৰণ দক্ষতাৰ মজবুত ভেটি থকাসকলেহে আগবাঢ়িব পাৰে ।
বিশ্বৰ বিভিন্ন প্ৰান্তত কৰা গৱেষণাই নিশ্চিত কৰিছে যে কিছুমান বিশেষ দক্ষতাই নতুন প্ৰজন্মৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলক বিশ্বৰ মঞ্চত আত্মবিশ্বাসেৰে থিয় দিবলৈ সক্ষম কৰে । এই মূল দক্ষতাবোৰ কি জানক ।
যোগাযোগ-
বৰ্তমান ভাৱৰ ফলপ্ৰসূ আদান-প্ৰদানৰ যুগ । সাক্ষাৎকাৰ দিয়াই হওক, দলৰ সৈতে কাম কৰাই হওক বা মানুহৰ সৈতে সামাজিকভাৱে মত বিনিময় কৰাই হওক– স্পষ্ট, নিখুঁত আৰু ভদ্ৰ ভাষাত নিজৰ মতামত প্ৰকাশ কৰাটোৱেই সফলতাৰ চাবিকাঠি । যোগাযোগ হৈছে সেই দলং যিয়ে আপোনাৰ জ্ঞানক সুযোগৰ সৈতে সংযোগ কৰে । মনত ৰাখিব, আপুনি যি ভাষাতেই কওক কিয়, তাত দক্ষতা অবিহনে আপুনি ফলপ্ৰসূভাৱে যোগাযোগ কৰিব নোৱাৰে ।
সময় ব্যৱস্থাপনাৰ কলা-
ডিজিটেল যন্ত্ৰই আমাৰ জীৱনৰ গভীৰতালৈ সোমাই গৈছে । ইয়াৰ আকৰ্ষণে আমাৰ দৈনন্দিন জীৱনত বহু পৰিমাণে প্ৰভাৱ পেলাইছে । এনে পৰিস্থিতিত একাগ্ৰতাৰ অভাৱ এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে । গতিকে সময়ৰ গুৰুত্ব বুজা আৰু সংগঠিতভাৱে ব্যৱহাৰ কৰাটো এটা কলা । এজন সফল ব্যক্তি হ’ল সেইজন যিয়ে নিজৰ অগ্ৰাধিকাৰ চিনাক্ত কৰিব পাৰে আৰু সময়ক কৌশলগতভাৱে ব্যৱহাৰ কৰিব পাৰে । এই দক্ষতা ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু পেছাদাৰীসকলৰ বাবে অগ্ৰাধিকাৰ হ’ব লাগে ।
মানসিক চাপৰ পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰা-
কেৱল বুদ্ধিমান হোৱাটোৱেই সফলতাৰ নিশ্চয়তা নহয় । আজিৰ সময়ত আৱেগিক বুজাবুজি, সহানুভূতি আৰু সামাজিক সচেতনতা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । এই দক্ষতাসমূহে কেৱল সম্পৰ্ক শক্তিশালী কৰাই নহয়, মানসিক চাপৰ পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । এইটো গুৰুত্বপূৰ্ণ কাৰণ এনে পৰিস্থিতিত মানুহ প্ৰায়ে পৰাজিত হয় ।
উপলব্ধ বিকল্পসমূহৰ পৰা সঠিক বিকল্প বাছনি কৰা-
দ্ৰুত পৰিৱৰ্তিত পৰিবেশত প্ৰতিদিনে বহু সৰু-বৰ সিদ্ধান্ত ল’ব লগা হয় । উপলব্ধ বিকল্পৰ পৰা সঠিক বাছনি কৰি সৃষ্টিশীল পদ্ধতিৰে সমস্যা সমাধান কৰাটো যুৱক-যুৱতীসকলৰ আটাইতকৈ ডাঙৰ সম্পদ হৈ উঠিব পাৰে । এই দক্ষতাই আপোনাৰ কেৰিয়াৰ উন্নত কৰাই নহয় নেতৃত্বৰ দিশতো লৈ যায় ।
দলীয় কাম আৰু ডিজিটেল সাক্ষৰতা-
ব্যক্তিগত প্ৰতিভা তেতিয়াহে জিলিকি উঠে যেতিয়া ই গোটৰ সৈতে মিলিবলৈ সক্ষম হয় । এজন ভাল শ্ৰোতা হোৱা, দলত কাম কৰা আৰু প্ৰয়োজনৰ সময়ত নেতৃত্ব দিয়াটো আজিৰ পেছাদাৰী জীৱনৰ অপৰিহাৰ্য দক্ষতা । লগতে ডিজিটেল সাক্ষৰতা বিকল্প নহয় বৰঞ্চ এক প্ৰয়োজনীয়তা ।
লগতে পঢ়ক : ফটোগ্ৰাফীৰ চখ আছে নেকি আপোনাৰ ? দ্বাদশ শ্ৰেণীৰ পিছত কৰক এই পাঠ্যক্ৰম