কানাডাত স্থাপন কৰা হ’ল ভগৱান ৰামৰ প্ৰতিমূৰ্তি
কানাডাৰ মিচিছাগা চহৰত ৫১ ফুট উচ্চতাৰ ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এইটো উত্তৰ আমেৰিকাৰ আটাইতকৈ ওখ ভগৱান ৰামৰ মূৰ্তি।
ইয়াৰ ফলত হিন্দু ভক্তসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হয়। মিচিছাগা চহৰত হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত প্ৰভু ৰামৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।এই প্ৰতিমূৰ্তিটো স্থাপনৰ লগে লগে কানাডাত জয় শ্ৰীৰামৰ ধ্বনিৰে মুখৰিত হয়।
এই মূৰ্তিটো অন্টাৰিঅ’ৰ হিন্দু ঐতিহ্য কেন্দ্ৰত স্থাপন কৰা হৈছে।এই প্ৰতিমূৰ্তিটো উত্তৰ আমেৰিকাত হিন্দুসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয়ৰ এক নতুন প্ৰতীকত পৰিণত হৈছে।
শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন তাত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আছিল।অন্টাৰিঅ’ৰ মিচিছাগাৰ হিন্দু হেৰিটেজ চেণ্টাৰত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হয়।
এই মূৰ্তিটো ফাইবাৰগ্লাছৰ দ্বাৰা নিৰ্মিত।এতিয়া এই মূৰ্তিটো গ্ৰেটাৰ টৰন্টো এৰিয়াত আধ্যাত্মিক আৰু সাংস্কৃতিক আইকন হিচাপে পৰিগণিত হৈছে।
উদ্বোধনী অনুষ্ঠানত সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰাৰ লগতে বহু বিশিষ্ট ৰাজনীতিবিদো উপস্থিত আছিল।ইয়াৰ ভিতৰত মন্ত্ৰী ৰিচি ভালডেজ,ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ ছফকাত আলী, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধু উপস্থিত থাকে।
ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপনৰ পিছত তাত থকা লোক সকলে ৰাইজে মেক কানাডা গ্ৰেট এগেইন শ্লোগান দিয়ে।
লগতে পঢ়ক: কৰ্তব্য ভৱন-৩ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; নতুন ঠিকনা লাভ কৰিলে চৰকাৰী মন্ত্ৰালয় আৰু বিভাগে