ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিপদ
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ খেলুৱৈ তথা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেগী বলাৰ মহম্মদ ছামীয়ে ডাঙৰ আঘাত লাভ কৰিছে । কলকাতা উচ্চ ন্যায়ালয়ে ছামীক পত্নী হাছিন জাহান আৰু কন্যাক প্ৰতিমাহে ৪ লাখ টকাৰ জীৱিকা ভাট্টা আদায় দিবলৈ নিৰ্দেশ দিছে ।
উচ্চ ন্যায়ালয়ে কি নিৰ্দেশ দিলে ?
উচ্চ ন্যায়ালয়ে ক্ৰিকেটাৰ মহম্মদ ছামীক হাছিন জাহানক প্ৰতিমাহে ১.৫ লাখ টকা আৰু নাবালক কন্যাৰ খৰচৰ বাবে প্ৰতিমাহে ২.৫ লাখ টকা দিবলৈ নিৰ্দেশ দিছে । অৰ্থাৎ ছামীয়ে পত্নী আৰু কন্যাক প্ৰতিমাহে মুঠ ৪ লাখ টকা দিব লাগিব ।
ঘটনাটো কি ?
২০১৮ চনত হাছিন জাহানে মাহেকীয়া ভাট্টা বিচাৰি আদালতৰ কাষ চাপিছিল । ছামীৰ পৰা মাহিলী ১০ লাখ টকা ভাট্টা বিচাৰিছিল তেওঁ, তাৰ ভিতৰত ৭ লাখ টকা নিজৰ বাবে আৰু সন্তানৰ পঢ়া-শুনা আৰু লালন-পালনৰ বাবে ৩ লাখ টকা । কিন্তু ২০১৮ চনৰ আগষ্ট মাহত আলিপুৰ আদালতে ছামীক পত্নীৰ বাবে প্ৰতিমাহে ৫০ হাজাৰ টকা আৰু কন্যাৰ বাবে ৮০ হাজাৰ টকা দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
হাছিন জাহানৰ আপীল আৰু উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত-
হাছিন জাহানে আলিপুৰ আদালতৰ সিদ্ধান্তক কলিকতা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । হাছিনে কয় যে ২০২১ বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) অনুসৰি মহম্মদ ছামীৰ বাৰ্ষিক আয় ৭.১৯ কোটি টকা । অৰ্থাৎ প্ৰতিমাহে ৬০ লাখ টকা আয় । আনহাতে মোৰ মাহিলী খৰচ ৬ লাখতকৈও অধিক ।
এই ভিত্তিতে হাছিন জাহানে আলিপুৰ আদালতৰ সিদ্ধান্তক কলিকতা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় । কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অজয় মুখাৰ্জীয়ে আলিপুৰ আদালতৰ নিৰ্দেশ স্পষ্ট নহয় বুলি কয় । ছামীৰ আৰ্থিক অৱস্থা ভাল আৰু মাহিলী ভাট্টা বেছি দিবলৈ সক্ষম । হাছিন পুনৰ বিবাহত বহা নাই আৰু কন্যাৰ সৈতে অকলে থাকে ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছামী আৰু হাছিন জাহানৰ মাজত কোনো ধৰণৰ বিবাহ বিচ্ছেদ হোৱা নাই । ইয়াৰ প্ৰক্ৰিয়া চলি আছে । ২০২২ চনৰ ২৩ জুলাইত ছামীয়ে ‘তালাক-উল-হাছান’ৰ অধীনত হাছিনলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে । আদালতত বিচাৰাধীন হৈ আছে বিবাহ বিচ্ছেদৰ গোচৰ ।
লগতে পঢ়ক : দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…