ভক্তৰে ভৰা এখন ট্ৰেক্টৰত খুন্দা কন্টেইনাৰৰ
উত্তৰ প্ৰদেশৰ বুলণ্ডশহৰত মাজনিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। আলিগড় সীমান্তৰ সমীপৱৰ্তী ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে অহা এখন কণ্টেইনাৰে ভক্ত কঢ়িয়াই অনা এখন ট্ৰেক্টৰক পিছফালৰ পৰা খুন্দা মাৰে।
সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে ট্ৰেক্টৰখন বাগৰি পৰে। এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৫ জন লোক আহত হৈছে।
বুলণ্ডশহৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘটাল গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।দুৰ্ঘটনাৰ সময়ত ট্ৰেক্টৰখনত ৬০-৬১জন ভক্ত আছিল, যিসকলে কাছগঞ্জৰ পৰা ৰাজস্থানৰ গোগামেডিলৈ গৈ আছিল।
সেই সময়তে পিছফালৰ পৰা অহা এখন কন্টেইনাৰে ট্ৰেক্টৰখনত জোৰেৰে খুন্দা মাৰে, যাৰ ফলত ট্ৰেক্টৰখন বাগৰি পৰে।
এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ভক্ত সকলে নিজৰ জীৱন ৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিছিল।ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে স্থানীয় লোক তথা আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ চলাই ।
আৰক্ষীয়ে ততাতৈয়াকৈ দুৰ্ঘটনাত আহত লোকসকলক এম্বুলেন্সৰ জৰিয়তে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হয়।
লগতে পঢ়ক: ইজৰাইলৰ বিমান আক্ৰমণত জোকাৰি গ’ল য়েমেনৰ ৰাজধানী ছানা…