পাৰ হ’ল ৯০ ঘণ্টাৰো অধিক সময় । এই ৯০ ঘন্টাত সামৰিক পৰ্যায়ত অনুষ্ঠিত হ’ল তিনিখনকৈ বৈঠক । কিন্তু এতিয়াও ভুলবশতঃ সীমান্ত অতিক্ৰম কৰা বি এছ এফৰ জোৱানজনক মুকলি কৰি দিয়া নাই পাকিস্তানে । সীমান্ত পাৰ হৈ যোৱা বি এছ এফৰ জোৱানক ঘূৰাই অনাৰ বাবে বি এছ এফ আৰু পাকিস্তান ৰেঞ্জাৰৰ মাজত তিনি ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত হৈছে যদিও এতিয়াও মুকলি হোৱা নাই জোৱানজন । পাকিস্তানী ৰেঞ্জাৰে কয় যে তেওঁলোকৰ হাতত জোৱানজনৰ কোনো তথ্য নাই ।
ভুলতে সীমান্ত পাৰ হৈছিল বি এছ এফৰ জোৱান-
উল্লেখযোগ্য যে বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত নিৰীক্ষণ কৰি থকাৰ সময়তে পূৰ্ণম কুমাৰ শ্ব’ নামৰ বি এছ এফৰ জোৱান এজনে ভুলবশতঃ সীমান্ত পাৰ হৈ যায় । য’ত পাকিস্তানী ৰেঞ্জাৰে তেওঁক আটক কৰি জিম্মাত লয় । বি এছ এফৰ জোৱানজনে সামৰিক ইউনিফৰ্ম পিন্ধিছিল আৰু লগতে তেওঁৰ চাৰ্ভিচ ৰাইফলো আছিল । বিষয়াসকলে জনোৱা মতে, সীমান্তৰ ওচৰত কৰ্তব্যৰত অৱস্থাত জোৱানজনে ভুলবশতঃ সীমান্ত পাৰ হৈ গছৰ ছাঁত বহিছিল, য’ত তেওঁক পাকিস্তানী ৰেঞ্জাৰে আটক কৰা বুলি অভিযোগ উঠিছে । এতিয়া জোৱানজনক উভতাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।
ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ বাবে প্ৰস্তুতি-
এতিয়া বি এছ এফে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ দাবী জনাইছে । বিষয়াসকলে কয় যে এই বৈঠক অতি সোনকালে হ’ব পাৰে । বি এছ এফৰ ডিজি দলজিৎ চৌধুৰীয়েও এই সন্দৰ্ভত বিতং তথ্য গৃহ মন্ত্ৰালয়ক দিছে । বি এছ এফ জোৱানৰ পৰিয়াল পশ্চিম বংগত থাকে । জোৱানজনৰ পিতৃয়ে পুত্ৰৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি পুত্ৰৰ নিৰাপদে ঘূৰি অহাৰ বাবে চৰকাৰক আবেদন জনাইছে ।