উজ্জ্বল কৰক
ব্লেক টিয়ে হওক বা গ্ৰীণ টিয়েই হওক, আজিকালি প্ৰতিটো ধৰণৰ চাহ পাকেই টি বেগত পোৱা যায়। যদি আপুনি কেৱল এইবোৰেৰে চাহ বনায় তেন্তে সেয়া আপোনাৰ ভুল।
এই টি বেগটো ছালৰ বাবে অতি উপযোগী।চাহ বনোৱাৰ এই টি বেগ সমূহৰ দ্বাৰা উজ্জ্বল কৰক আপোনাৰ ছাল। ইয়াৰ বাবে আপুনি কিছুমান কৌশল গ্ৰহণ কৰিব লাগিব।
ডাৰ্ক চাৰ্কল কমিব
ডাৰ্ক চাৰ্কল থাকিলে তাত টি বেগ লগাব লাগে। ইয়াৰ বাবে ব্যৱহৃত টি বেগটো কিছু সময়ৰ বাবে ফ্ৰীজত ৰাখিব।ঠাণ্ডা হ’লে চকুৰ তলত ১৫ মিনিটৰ বাবে লগাই থব।
ভাগৰুৱা হ’লেও এই পদ্ধতি অনুসৰণ কৰিব পাৰে। কেইমিনিটমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখিবলৈ আৰম্ভ কৰিব। আৰু উজ্জ্বল কৰক আপোনাৰ ছাল।
চমৎকাৰ ছালৰ টোনাৰ
টি বেগত এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালৰ স্বাস্থ্য বজাই ৰাখে। টি বেগটো লাহে লাহে টিপি মালিচ কৰিব পাৰে।ইয়াৰ বাহিৰে আপুনি টি বেগটে পানীত উতলাই লওক।
পানীখিনি ঠাণ্ডা হ’লে কপাহৰ সহায়ত মুখত লগাব লাগে।এইটো এটা উৎকৃষ্ট ছালৰ টোনাৰ। ইয়াৰ ফলত আপোনাৰ ছালখন জিলিকি উঠিব। মুখৰ দাগ আৰু বলি ৰেখা নাইকিয়া হৈ যাব। যদি মুখত ব্ৰণ থাকে তেন্তে সেইবোৰো কমাবলৈ আৰম্ভ কৰিব।
হাত দুখন স্ক্রাব কৰক
যদি আপুনি পিঁয়াজ বা নহৰু কাটিছে তেন্তে আপোনাৰ হাতৰ পৰা প্ৰায়ে বেয়া গোন্ধ ওলাই।এনে অৱস্থাত টি বেগ এটাৰে হাত ধুই পেলাওক।
এনে কৰিলে হাতৰ পৰা বেয়া গোন্ধ তৎক্ষণাত আঁতৰি যাব।একেদৰে ভৰিৰ গোন্ধ বেয়া হ’লে টাবত কুহুমীয়া পানী লৈ তাত চাহৰ মোনা এটা দি তাত ভৰি ডুবাই দিব লাগে। ১৫ মিনিটৰ ভিতৰতে দুৰ্গন্ধ নোহোৱা হৈ যাব।
(এইটো কেৱল তথ্যৰ বাবে হে। বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)
লগতে পঢ়ক: কোৱাৰেণ্টাইনত ভাৰতীয় মহাকাশচাৰী শুভাংছু শুক্লা; মহাকাশ কেন্দ্ৰলৈ যোৱাৰ আগৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কি?