চাহ বনোৱাৰ পিছত পেলাই দিয়ে নেকি টি বেগ? ইয়াৰ সহায়ত উজ্জ্বল কৰক ছালখন

উজ্জ্বল কৰক

ব্লেক টিয়ে হওক বা গ্ৰীণ টিয়েই হওক, আজিকালি প্ৰতিটো ধৰণৰ চাহ পাকেই টি বেগত পোৱা যায়। যদি আপুনি কেৱল এইবোৰেৰে চাহ বনায় তেন্তে সেয়া আপোনাৰ ভুল।

এই টি বেগটো ছালৰ বাবে অতি উপযোগী।চাহ বনোৱাৰ এই টি বেগ সমূহৰ দ্বাৰা উজ্জ্বল কৰক আপোনাৰ ছাল। ইয়াৰ বাবে আপুনি কিছুমান কৌশল গ্ৰহণ কৰিব লাগিব।

ডাৰ্ক চাৰ্কল কমিব

ডাৰ্ক চাৰ্কল থাকিলে তাত টি বেগ লগাব লাগে। ইয়াৰ বাবে ব্যৱহৃত টি বেগটো কিছু সময়ৰ বাবে ফ্ৰীজত ৰাখিব।ঠাণ্ডা হ’লে চকুৰ তলত ১৫ মিনিটৰ বাবে লগাই থব।

ভাগৰুৱা হ’লেও এই পদ্ধতি অনুসৰণ কৰিব পাৰে। কেইমিনিটমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখিবলৈ আৰম্ভ কৰিব। আৰু উজ্জ্বল কৰক আপোনাৰ ছাল।

চমৎকাৰ ছালৰ টোনাৰ

টি বেগত এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালৰ স্বাস্থ্য বজাই ৰাখে। টি বেগটো লাহে লাহে টিপি মালিচ কৰিব পাৰে।ইয়াৰ বাহিৰে আপুনি টি বেগটে পানীত উতলাই লওক।

পানীখিনি ঠাণ্ডা হ’লে কপাহৰ সহায়ত মুখত লগাব লাগে।এইটো এটা উৎকৃষ্ট ছালৰ টোনাৰ। ইয়াৰ ফলত আপোনাৰ ছালখন জিলিকি উঠিব। মুখৰ দাগ আৰু বলি ৰেখা নাইকিয়া হৈ যাব। যদি মুখত ব্ৰণ থাকে তেন্তে সেইবোৰো কমাবলৈ আৰম্ভ কৰিব।

হাত দুখন স্ক্রাব কৰক

যদি আপুনি পিঁয়াজ বা নহৰু কাটিছে তেন্তে আপোনাৰ হাতৰ পৰা প্ৰায়ে বেয়া গোন্ধ ওলাই।এনে অৱস্থাত টি বেগ এটাৰে হাত ধুই পেলাওক।

এনে কৰিলে হাতৰ পৰা বেয়া গোন্ধ তৎক্ষণাত আঁতৰি যাব।একেদৰে ভৰিৰ গোন্ধ বেয়া হ’লে টাবত কুহুমীয়া পানী লৈ তাত চাহৰ মোনা এটা দি তাত ভৰি ডুবাই দিব লাগে। ১৫ মিনিটৰ ভিতৰতে দুৰ্গন্ধ নোহোৱা হৈ যাব।

(এইটো কেৱল তথ্যৰ বাবে হে। বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: কোৱাৰেণ্টাইনত ভাৰতীয় মহাকাশচাৰী শুভাংছু শুক্লা; মহাকাশ কেন্দ্ৰলৈ যোৱাৰ আগৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো কি?

ওজন হ্ৰাস কৰাৰ উপৰিও, এই সমস্যাবোৰৰ বাবে অতি উপকাৰী গ্ৰীণ টি; এদিনত কিমান কাপ খাব পাৰে গ্ৰীণ টি ?

গ্ৰীণ টি খালে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, ইয়াৰ লগতে বহুতো স্বাস্থ্য উপকাৰিতাও প্ৰদান কৰে। গ্ৰীণ টিত ভিটামিন এ, ভিটামিন ই, ভিটামিন বি৫, পলিফেনল, মেঙ্গানিজ, পটাছিয়াম, তাম, লো আৰু এণ্টিঅক্সিডেণ্টৰ দৰে পুষ্টি থাকে, যি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। গ্ৰীণ টি খোৱাৰ পৰা কি লাভ হয় আৰু এদিনত কিমান গ্ৰীণ টি খাব লাগে জানো আহক।

এই সমস্যাবোৰ পৰা পাব সকাহ:

হজম বৃদ্ধি কৰিব- যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেনেহলে গ্ৰীণ টি খোৱাটো নিশ্চিত কৰিব। গ্ৰীণ টিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যি আপোনাক যিকোনো ৰোগৰ দ্ৰুত চিকাৰ হোৱাত বাধা দিয়ে। গ্ৰীণ টিত থকা এণ্টিঅক্সিডেণ্ট পলিফেনলবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ওজন হ্ৰাস কৰিব- গ্ৰীণ টিত পলিফেনল থাকে, যি শৰীৰৰ বিপাক শক্তিশালী কৰে। ইয়াৰ কোনো চৰ্বি বা শৰ্কৰা নাই। গ্ৰীণ টিয়ে মজুত থকা চৰ্বি হ্ৰাস কৰাই নহয় নতুন চৰ্বি সৃষ্টি হোৱাত প্ৰতিহত কৰাত সহায় কৰে।

ছাপৰ পৰা মুক্তি- গ্ৰীণ টিত থকা এণ্টিঅক্সিডেণ্ট পলিফেনলবোৰে শৰীৰৰ হৰমনৰ ভাৰসাম্য ৰাখে। যদি আপুনি যথেষ্ট চাপত আছে, আপুনি এই চাহ খোৱা উচিত।দৈনিক গ্ৰীণ টিৰ সেৱনে মানসিক চাপৰ লগতে শাৰীৰিক চাপ উপশম কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ বাবে উপকাৰী: গ্ৰীণ টিয়ে ভাল কলেষ্টেৰল বৃদ্ধি কৰাৰ সময়ত বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মীয়া কৈ গ্ৰীণ টি সেৱনে আপোনাৰ ৰক্তচাপ হ্ৰাস কৰিব পাৰে আৰু হৃদস্পন্দনৰ আশংকাও হ্ৰাস কৰিব পাৰে।

যদি আপোনাৰ কোনো ধৰণৰ ৰোগ নাই, আপুনি দিনে ২ ৰ পৰা ৩ বাৰ গ্ৰীণ টি খাব পাৰে। অৱশ্যে, যদি আপুনি ডায়েবেটিচ বা কৰ্কট ৰোগৰ সৈতে যুঁজি আছে, আপুনি গ্ৰীণ টি খোৱাৰ পূৰ্বে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)