সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে ব্ৰিকছৰ সদস্য দেশসমূহে । ব্ৰাজিলিয়াত অনুষ্ঠিত ভাৰতকে ধৰি ব্ৰিকছ দেশসমূহৰ সংসদীয় মঞ্চৰ একাদশ বাৰ্ষিক সন্মিলনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত ১০খন দেশেই এক যৌথ বিবৃতি প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ শূন্য সহনশীলতা নীতিক সকলোৱে তীব্ৰ সমৰ্থন আগবঢ়াইছে ।
সন্মিলনত গভীৰ চৰ্চা আৰু আলোচনাৰ অন্তত কৃত্ৰিম বুদ্ধিমত্তা (AI), বিশ্ব বাণিজ্য আৰু অৰ্থনীতি, আন্তঃসংসদীয় সহযোগিতা, বিশ্ব শান্তি আৰু নিৰাপত্তা আদি ক্ষেত্ৰত এক বহল সহমতত উপনীত হয় আটাইকেইখন সদস্য ৰাষ্ট্ৰ । ভাৰতৰ উপৰিও ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, ইথিওপিয়া আৰু ইণ্ডোনেছিয়াই এই সন্মিলনত অংশগ্ৰহণ কৰে । ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত যোৱা ওম বিৰলাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ স্থিতি গুৰুত্বসহকাৰে উত্থাপন কৰে ।
বিভিন্ন বিষয়ত ভাৰতৰ মতামতক সকলো দেশৰ শলাগ লয় আৰু চূড়ান্ত যৌথ ঘোষণাত সৰ্বসন্মতিক্ৰমে অন্তৰ্ভুক্ত কৰা হৈছিল । বিশেষকৈ সন্ত্ৰাসবাদৰ বিষয়ত ভাৰতৰ নিৰ্ণায়ক নীতিক গুৰুত্বসহকাৰে গ্ৰহণ কৰা হয় । যৌথ ঘোষণাত সহমতত উপনীত হয় যে সকলো ব্ৰিকছ দেশৰ সংসদে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰিব । সন্মিলনৰ শেষত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া দ্বাদশ ব্ৰিকছ সংসদীয় মঞ্চৰ আয়োজন ভাৰতৰ হাতত অৰ্পণ কৰা হয় । লগতে বিৰলাক সংসদীয় মঞ্চৰ অধ্যক্ষতা প্ৰদান কৰা হয় ।
আৰ্থিক সাহায্য বন্ধ কৰাটো প্ৰয়োজনীয়-
সন্মিলনত বিৰলাই ফলপ্ৰসূভাৱে ভাৰতৰ শক্তিশালী আৰু স্পষ্ট দৃষ্টিভংগী দাঙি ধৰে । তেওঁ সন্ত্ৰাসবাদী সংগঠনসমূহক আৰ্থিক সাহায্য বন্ধ কৰা, চোৰাংচোৱা তথ্য বিনিময় কৰা, আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াত সহযোগিতা কৰা আদি দিশত যৌথ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে ।
লগতে পঢ়ক : আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক ?নতুন দল ঘোষণা !