শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ সময়ত তুৰ্কিয়ে পাকিস্তানৰ সৈতে যিদৰে থিয় দিছিল, তাৰ পিছত সমগ্ৰ দেশতে তুৰ্কী বৰ্জন অভিযান আৰম্ভ হৈছে।
ইফালে, পাকিস্তানৰ বাবে তুৰ্কীয়ে মুকলিকৈ দিয়া সমৰ্থনৰ প্ৰতিবাদত তুৰ্কীৰ আপেল আমদানি নিষিদ্ধ ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ পিছত, পুনেৰ এজন ফলমূলৰ ব্যৱসায়ীয়ে দাবী কৰে যে তেওঁ পাকিস্তানৰ পৰা ভাবুকিপূৰ্ণ ভইচ মেছেজ লাভ কৰিছে।
কৃষি উপজ মাণ্ডি সমিতিৰ (বজাৰ চোতাল)ৰ ব্যৱসায়ী ছুয়গ জেণ্ডে আৰু আন কিছুমান ব্যৱসায়ীয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁলোকে তুৰ্কীৰ পৰা আপেল আমদানি নকৰে।
জেণ্ডে বৃহস্পতিবাৰে কয় যে, ‘আজি পুৱা প্ৰায় ৯ মান বজাত মোৰ ফোনত ফোন আহিবলৈ ধৰিলে, কিন্তু মই ফোনটো ধৰা নাছিলো।
পিছত ভইচ নোট এটা পাইছিলোঁ য’ত ভাৰতৰ বাবে আপত্তিজনক ভাষা ব্যৱহাৰ কৰা হৈছিল আৰু কৈছিল যে আমি পাকিস্তান বা তুৰ্কীৰ কোনো ক্ষতি কৰিব নোৱাৰো।এই ভাবুকিৰ প্ৰতি মই ভইচ মেছেজেৰে উত্তৰ দিলোঁ।”
এই সন্দৰ্ভত ব্যৱসায়ীসকলে পুনে আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। তুৰ্কী বৰ্জন এই প্ৰতিবাদত বৃহস্পতিবাৰে ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা আপেল পথত পেলাই দিয়ে।