বোম্বাই ষ্টক এক্সচেঞ্জক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
বোম্বাই ষ্টক এক্সচেঞ্জত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। এই ভাবুকিৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছত মুম্বাইৰ ৰামাবাই মাৰ্গ থানাত এটা গোচৰ ৰুজু কৰা হয়, অৱশ্যে এতিয়ালৈকে আৰক্ষীৰ তদন্তত সন্দেহজনক একো পোৱা নাই।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, দেওবাৰে বিএছইৰ অফিচিয়েল ৱেবছাইটত ইমেইলযোগে এই ভাবুকি প্ৰদান কৰে।
এতিয়া যিহেতু দেওবাৰে ষ্টক এক্সচেঞ্জ বন্ধ আছিল, গতিকে সোমবাৰে ইমেইলটো পোৱাৰ পিছত অভিযোগকাৰীয়ে সন্ধিয়া আৰক্ষীৰ সৈতে যোগাযোগ কৰে।
এই ইমেইলত লিখা আছিল, ‘বম্বে ষ্টক এক্সচেঞ্জৰ ফিৰোজ টাৱাৰ বিল্ডিঙত ৪টা আৰ ডি এক্স আই ই ডি বোমা স্থাপন কৰা হৈছে আৰু বিয়লি ৩ বজাত বিস্ফোৰণ হ’ব।’
আৰক্ষীয়ে আই পি চিৰ ৩৫১(১)(খ), ৩৫৩(২), ৩৫১(৩),৩৫১(৪) ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি এইটো এটা প্ৰৱঞ্চনা মেইল আৰু অভিযুক্তই ইয়াৰ পূৰ্বেও এনে মেইল প্ৰেৰণ কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰে পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰতো একেধৰণৰ ভাবুকি দিয়া হৈছিল।
লগতে পঢ়ক: হঠাৎ দিল্লীৰ দুখনকৈ বিদ্যালয়ত হাহাকাৰ; বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান