বক্সিং কিংবদন্তি মাইক টাইছন আৰু WWE ষ্টাৰ আণ্ডাৰটেকাৰে
বলীউডৰ দবাং ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ ১৯ সংখ্যক ছিজন অতি সোনকালে আহি আছে।খবৰ অনুসৰি শ্ব’টোৰ নিৰ্মাতাসকলে দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ সৈতে যোগাযোগ কৰিছে।
এই দুগৰাকী তাৰকা হৈছে বক্সিং কিংবদন্তি মাইক টাইছন আৰু WWEৰ আইকনিক ছুপাৰষ্টাৰ দ্য আণ্ডাৰটেকাৰ।এই খবৰে ছচিয়েল মিডিয়া আৰু মনোৰঞ্জন জগতত আলোড়নৰ সৃষ্টি কৰিছে।
যদি এই চেলিব্ৰিটিসকলে শ্ব’টোত যোগদান কৰে, তেন্তে আজিলৈকে বিগ বছৰ আটাইতকৈ বিস্ফোৰক ছিজন বুলি প্ৰমাণিত হ’ব পাৰে।
আণ্ডাৰটেকাৰে এসপ্তাহৰ বাবে ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে বিগ বছৰত যোগদান কৰিব পাৰে।আণ্ডাৰটেকাৰৰ প্ৰকৃত নাম মাৰ্ক কেলাৱে। WWEৰ জগতত তেওঁক ‘ডেডমেন’ বুলি কোৱা হয়।
যদি এই কথা নিশ্চিত হয়, তেন্তে আণ্ডাৰটেকাৰ বিগ বছৰ ইতিহাসৰ সৰ্বাধিক উপাৰ্জনকাৰী চেলিব্ৰিটি হ’ব।তেওঁৰ আগতে ৪ নং ছিজনত দ্য গ্ৰেট খালীক এসপ্তাহ থকাৰ বাবে প্ৰায় ৫০ লাখ টকা দিয়া হৈছিল।
আণ্ডাৰটেকাৰে এই উপাৰ্জন অতিক্ৰম কৰিব পাৰে। ২০২০ চনত আণ্ডাৰটেকাৰে WWEৰ পৰা অৱসৰ গ্ৰহণ কৰে,কিন্তু তেওঁ এতিয়াও পপ সংস্কৃতিৰ আইকন হৈয়েই আছে।
শ্ব’টোত তেওঁৰ উপস্থিতিয়ে হয়তো ৪ নং ছিজনত ৰানাৰ্ছ আপ হোৱা দ্য গ্ৰেট খালীৰ সফল অভিনয়ৰ স্মৃতি ঘূৰাই আনিব পাৰে।
একে সময়তে কোৱা হৈছে যে মাইক টাইছনৰ চুক্তি সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে।বক্সিং কিংবদন্তিগৰাকীক ২০২৫ চনৰ অক্টোবৰ মাহত বিশেষ অতিথি হিচাপে অনাৰ পৰিকল্পনা কৰিছে মেকাৰসকলে।তেওঁৰ উপস্থিতি সাতৰ পৰা দহ দিনলৈকে থাকিব পাৰে, যিয়ে চলি থকা ছিজনত অধিক উত্তেজনা বৃদ্ধি কৰিব।
লগতে পঢ়ক: এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ গোচৰত এজনক গ্ৰেপ্তাৰ; পলাবলৈ লওতেই এনকাউণ্টাৰ