বন্ধ হ’ল বিগ বছ ১৯ৰ শ্বুটিং
মুম্বাইত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । প্ৰৱল বৰষুণে জনজীৱনত প্ৰভাৱ পেলোৱাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ কামো বন্ধ হৈ পৰিছে । এই অবিৰত বৰষুণৰ ফলত কেতিয়াও ৰৈ নোযোৱা মহানগৰীৰ গতিও স্তব্ধ হৈ পৰিছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱো বলিউডৰ শ্বুটিঙৰ ওপৰত পৰিছে । বহু প্ৰত্যাশিত ৰিয়েলিটি শ্ব’ বিগ বছ ১৯ৰ শ্বুটিং বন্ধ হৈ পৰিছে ।
বিবৃতি প্ৰকাশ টীমৰ-
পূৰ্বে প্ৰকাশ পোৱা খবৰ অনুসৰি মঙলবাৰে বিগ বছ হাউচ সংবাদ মাধ্যমৰ বাবে মুকলি হোৱা কথা আছিল । কিন্তু মহানগৰীৰ বহু অঞ্চলত বৰষুণ আৰু পানী জমা হোৱাৰ বাবে মঙলবাৰে পুৱা জিঅ’ হটষ্টাৰৰ দলে এই অনুষ্ঠান বাতিল কৰে ।
দলটোৱে কয় যে, “মহানগৰত হোৱা প্ৰচণ্ড বৰষুণ আৰু পানী জমা হোৱাৰ বাবে বিগ বছ হাউচ ভ্ৰমণ আৰু আনুষংগিক সকলো কাম এতিয়াৰ বাবে বন্ধ কৰি দিয়া হৈছে । আপোনালোকৰ অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো । বৰষুণৰ পৰিস্থিতি অনুসৰি আমি আপোনালোকক অধিক তথ্য দিম ।”
ঘূৰাই পঠিওৱা হ’ল সংবাদ মাধ্যমৰ ব্যক্তিক-
জানিব পৰা মতে, দিল্লীৰ পৰা অহা সাংবাদিকসকলক সময়মতে নমোৱা হৈছিল যাতে তেওঁলোকে যাত্ৰাত কোনো সমস্যাৰ সন্মুখীন নহয় । ইতিমধ্যে মুম্বাইত উপস্থিত হোৱা সাংবাদিকসকলক উভতাই পঠোৱা হৈছিল যাতে তেওঁলোক ইয়াত আবদ্ধ হৈ নাথাকে, কিয়নো বহু বিমান পলম হৈছিল বা বাতিল হৈছিল । এতিয়া দলটোৱে নতুন তাৰিখ নিৰ্ধাৰণৰ কাম কৰি আছে যাতে দৰ্শকে প্ৰতি বছৰে ৰাইজৰ মাজত উত্তেজনা আৰু কৌতুহল জগাই তোলা বিগ বছৰ ঘৰটোৰ আভাস পাব পাৰে ।
প্ৰচণ্ড বৰষুণত শ্বুটিং-
বিগ বছ ১৯ৰ মিডিয়া ইভেণ্টৰ বাহিৰে মুম্বাইৰ আন আন শ্বুটিং স্থলীৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাই । জানিব পৰা মতে প্ৰায় সকলো শ্বুটিং চলি আছে, কেৱল সকলোৱে অধিক সতৰ্ক হৈ আছে । ফিল্ম চিটিৰ গলিসমূহো পানীত বুৰ গৈছে যদিও অভিনেতা আৰু দলৰ সদস্যসকলে পানীত খোজ কাঢ়ি নিজৰ কামত লাগিছে ।
শীঘ্ৰে আৰম্ভ হ’ব বিগ বছ-
জনা গৈছে যে ২৪ আগষ্টৰ পৰা প্ৰিমিয়াৰ হ’ব বিগ বছ ১৯ । এইবাৰ দৰ্শকক আশা কৰাতকৈ অধিক ৰাজনৈতিক পৰিৱেশৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । ইতিমধ্যে ৰাজনৈতিক চেটআপত নিজৰ পৰিচয় দিছে ছলমান খানে । নতুন ঘৰটোৰ আভাসো দেখুৱাবলৈ গৈ আছিল যদিও এতিয়া বৰষুণৰ বাবে অনুৰাগীসকলে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব ।
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰা হ’ল ছানী দেউলৰ ‘বৰ্ডাৰ ২’ ৰ মুক্তিৰ তাৰিখ