বাৰিষাৰ সময়ত চুলি সৰা কমাব বিচাৰে নেকি?
বাৰিষাৰ বৰষুণৰ শীতলতাই হৃদয়ক শান্ত কৰে যদিও এই ঋতু চুলিৰ বাবে এটা ডাঙৰ সমস্যাতকৈ কম নহয়। বতাহত আৰ্দ্ৰতা বৃদ্ধিৰ বাবে মূৰৰ ছালত মলি জমা হ’বলৈ ধৰে, যাৰ ফলত চুলি দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰে।
কিন্তু কিছুমান সহজ টিপছ গ্ৰহণ কৰিলে বাৰিষাৰ বতৰত আপুনি আপোনাৰ চুলিখিনি সুস্থ, শক্তিশালী কৰি ৰাখিব পাৰে আৰু এই বতৰতো চুলি সৰি পৰাৰ পৰা ৰক্ষা কৰিব পাৰে।
চুলি তিতি থাকিবলৈ নিদিব: বাৰিষাৰ বৰষুণত তিতিলে বা গা ধুই চুলি বহুসময়ৰ বাবে তিতা কৰি নাৰাখিব। বহু সময় ধৰি চুলি তিতা হৈ থাকিলে ভেঁকুৰৰ সংক্ৰমণ আৰু উফি হ’ব পাৰে।
কমকৈ তেল লগাব: নাৰিকল বা আলমণ্ডৰ তেল লাহে লাহে প্ৰয়োগ কৰি এঘণ্টাৰ পিছত চুলি ধুব। বাৰিষাৰ সময়ত অধিক তেল দিলে মূৰৰ ছাল আঠাযুক্ত হৈ পৰিব পাৰে।
মূৰৰ ছালৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক: সপ্তাহত কমেও দুবাৰকৈ চুলি চেম্পুৰে ধুব লাগে। বৰষুণত মূৰৰ ছালত ধূলি আৰু ঘাম জমা হয়, যাৰ ফলত চুলি দুৰ্বল হৈ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে।
কুহুমীয়া পানীৰে চুলি ধুব: চুলি ধোৱাৰ সময়ত অতি ঠাণ্ডা বা অতি গৰম পানী ব্যৱহাৰ নকৰিব। কুহুমীয়া পানীয়ে মূৰৰ ছালখন কোমলভাৱে পৰিষ্কাৰ কৰিলে চুলিৰ প্ৰাকৃতিক জিলিকনি বজাই ৰাখে।
চুলি ষ্টাইল কৰা সামগ্ৰী পৰিহাৰ কৰক: বাৰিষাৰ সময়ত জেল, স্প্ৰে বা হিট টুল কমকৈ ব্যৱহাৰ কৰক। এনে সামগ্ৰীয়ে চুলি শুকুৱাই ক্ষতি কৰে, যাৰ ফলত চুলি আৰু অধিক সৰিবলৈ লয়।
খাদ্যত প্ৰটিন আৰু আইৰণ অন্তৰ্ভুক্ত কৰক: খাদ্যত অংকুৰিত শস্য, কচু, কণী, দালি আৰু বাদাম অন্তৰ্ভুক্ত কৰক।
(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: প্ৰতিদিনে এই কেইটা ফল খালে উজ্জ্বল হয় ছাল; নোহোৱা হয় দাগ