ফেচবুক, ইনষ্টাগ্ৰাম, এক্স ইত্যাদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উৰাবাতৰি প্ৰচাৰ কৰাসকল এতিয়া সাৱধান। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিয়পি থকা উৰাবাতৰি ৰোধ কৰিবলৈ AI ভিত্তিক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰা হ’ব।এই ব্যৱস্থাই ছ’চিয়েল মিডিয়াৰ লগতে ডিজিটেল প্লেটফৰ্মত বিয়পি থকা ভুৱা বিষয়বস্তু নিৰীক্ষণ কৰিব।
বেংগালুৰু আৰক্ষীয়ে এই এআই ভিত্তিক ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্ম নিৰীক্ষণ ব্যৱস্থা মুকলি কৰিবলৈ সাজু হৈছে।
এই AI ভিত্তিক প্লেটফৰ্মটো ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ যিকোনো ভুৱা বা ভুল তথ্য নিৰীক্ষণৰ কাম কৰিব।
ইয়াৰ বাবে আপুনি মাত্ৰ কীৱৰ্ড এন্টাৰ কৰাৰ প্ৰয়োজন আছে ।এআইৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা বিষয়বস্তু শুদ্ধ নে নহয় সেইটো জানিব পৰা যাব।
জানিব পৰা মতে এই AI ভিত্তিক ব্যৱস্থাৰ বাবে নিবিদা জাৰি কৰা হৈছে।এই ব্যৱস্থাই ব্যৱহাৰকাৰী, নিৰ্দিষ্ট সত্তা, ব্ৰেণ্ড, সংস্থা বা বিষয়ৰ ওপৰত ভিত্তি কৰি ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মত বিয়পি থকা মিছা কথাবোৰ ধৰিবলৈ কাম কৰিব।
এআই ভিত্তিক ব্যৱস্থা হোৱাৰ বাবে ছ’চিয়েল মিডিয়াত কৰা যোগাযোগত কোনো আপত্তিজনক শব্দ বা ভাষা ব্যৱহাৰ কৰা হৈছে নেকি সেয়া জানিব পৰা যাব।